নিউজ ডেস্ক : এক ভয়ংকৰ অগ্নিকাণ্ড। চিকিৎসালয়ত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডৰ ফলত মৃত্যু হৈছে ৪ টি শিশুৰ। অগ্নিকাণ্ড সংঘটিত হোৱা কোঠাত আছিল ৪০ টি শিশু। ইয়াৰে ৩৬ টি শিশুক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়।
সোমবাৰে নিশা প্ৰায় ৯ বজাত মধ্য প্ৰদেশৰ ভূপালৰ হামিদিয়া চিকিৎসালয়ত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। চিকিৎসালয়খনৰ তৃতীয় মহলাত থকা শিশুৰোগ বিভাগত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।
অগ্নিকাণ্ডৰ ফলত শিশুৰোগ বিভাগত থকা ৪ টি শিশুৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয়। অগ্নিকাণ্ড সংঘটিত হোৱা সময়ত শিশুৰোগ বিভাগত মুঠ ৪০ টি শিশু আছিল বুলি জানিব পৰা গৈছে। ইয়াৰে ৩৬ টি শিশুক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয় যদিও ৪ টি শিশুৰ মৃত্যু ঘটে।
লগতে পঢ়ক : নিজকে চিকিৎসক বুলি পৰিচয় দি বিভিন্ন জনৰ পৰা ধন লুটিলে সুন্দৰী যুৱতীয়ে
অগ্নিকাণ্ডৰ খবৰ পাই ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হয় জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ বর্তমানলৈকে জানিব পৰা হোৱা নাই। এই ঘটনাই ভূপালত শোকৰ ছাঁ পেলাইছে।