নলবাৰী : নলবাৰীৰ ৰূপীয়াবাঠানত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত জাহ গ’ল ৫০ বিঘা মাটিৰ কাটি থোৱা ধান। নলবাৰী আৰু বেলশৰৰ পৰা অহা ৩ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপিত কৰে।
নলবাৰীৰ ৰূপীয়াবাঠানত দেওবাৰে সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। ডাঙাপাৰা চুবুৰীৰ ডাঙাৰ দ পথাৰত সংঘটিত হয় এই অগ্নিকাণ্ড। ধাননি পথাৰত সংঘটিত এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৫০ বিঘা মাটিত কাটি থোৱা ধান সম্পূৰ্ণভাৱে জুইত জাহ যায়। কৃষি ভূমিখিনি প্ৰায় ১০-১২ টা পৰিয়ালৰ আছিল।
লগতে পঢ়ক : যুৱ সাংবাদিক মানস প্ৰতিম গগৈক মাৰ্ঘেৰিটা মাকুম পথাৰ যুৱ সংঘৰ দ্বাৰা সম্বৰ্ধনা
নলবাৰী আৰু বেলশৰৰ পৰা অহা ৩ খন অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপিত কৰে। অগ্নিকাণ্ডৰ সূত্ৰপাতৰ কাৰণ জানিব পৰা হোৱা নাই যদিও এজন যুৱকে জাবৰৰ দ’মত জুই দিয়াৰ ফলত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হয় বুলি সন্দেহ কৰা হৈছে।