নালবাৰী : ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল নালবাৰী জিলাৰ আকনা বামুণগাঁও। নলবাৰী জিলাৰ আকনা বামুণগাঁৱৰ উমেশ কলিতাৰ ঘৰত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ড।
বছৰৰ প্ৰথমটো দিনা নলবাৰীত সংঘটিত হয় এক অগ্নিকাণ্ডৰ ঘটনা। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আকনা বামুণগাঁৱত ১ জানুৱাৰীত উমেশ কলিতা নামৰ এজন লোকৰ ঘৰত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়।
লগতে পঢ়ক : পৰিয়াল বিহীন হৈ থকা এগৰাকী ৬০ উৰ্ধৰ এগৰাকী বৃদ্ধাৰ কৰুণ জীৱন গাঁথা
অগ্নিকাণ্ডত উমেশ কলিতাৰ প্ৰায় ৭০ মোন কাটি থোৱা ধানৰ লগতে সকলো নথিপত্ৰ জাহ যায়। অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাত বহু লোকৰ ঘৰ ৰক্ষা পৰে।