নিউজ ডেস্কঃ ৰাজ্যৰ ভিন্ন ঠাইত দেওবাৰৰ নিশা কেইবাটাও অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়।

দক্ষিণ হাইলাকান্দিৰ ঘৰমূৰা বজাৰত অগ্নিকাণ্ডৰ ফলত নিমিষতে ভস্মীভূত হয় ২০খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।

অগ্নিকাণ্ডৰ ফলত ভস্মীভূত প্ৰায় ৩০ লক্ষাধিক টকাৰ সা-সামগ্ৰী।   

আনহাতে পশ্চিম কাৰ্বি আংলঙৰ দয়ংমুখত কুঁহিয়াৰ খেতিত সংঘটিত হয় অগ্নিকাণ্ড।

অগ্নিকাণ্ডত জাহ যায় হীৰা চৌহানৰ নামৰ লোকজনৰ প্ৰায় ১০বিঘা ভূমিৰ কুঁহিয়াৰৰ খেতি।

নিশাৰ মহানগৰীৰ লালমাটিৰ ইন্দিৰা নগৰতো জুইত সম্পূৰ্ণৰূপে জাহ যায় ৩টাকৈ বাসগৃহ।

অগ্নিকাণ্ডৰ মাজতে বিস্ফোৰিত হয় দুটাকৈ এল পি জি চিলিণ্ডাৰ। ৭খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়। ঠেক ৰাস্তাৰ বাবে বহুসময় আৱদ্ধ হৈ থাকিবলগীয়া হয় অগ্নিনিৰ্বাপকৰ বাহনকেইখন। ফলত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী কিছু পলমকৈ উপস্থিত হ’বলগীয়া হোৱাত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ঘৰকেইটা।

লগতে পঢ়কঃসোণাৰিত যুৱ ব্যৱসায়ীৰ বাসগৃহত দুৰ্বৃত্তৰ অগ্নিসংযোগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply