নিউজ ডেস্কঃ পোহৰৰ উৎসৱ দিপাৱলীক লৈ মাজত মাত্ৰ কেইটামান দিন বাকী। প্ৰতিবছৰেই দিপাৱলীৰ সময়ত প্ৰদূষণ ৰোধ কৰিবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে(পিচিবি) বিভিন্ন নীতি-নিৰ্দেশনা জাৰি কৰে।

এইবাৰো ৰাজ্যত প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডে কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে।এই নিৰ্দেশনা অনুসৰি পৰৱৰ্তী নীতি নিৰ্দেশনা প্ৰকাশ পোৱা পৰ্যন্ত সকলো ধৰণৰ ফটকা আৰু ফুলজাৰি ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

লগতে পঢ়কঃমাজুলী আফলামুখ ফেৰী ঘাটত আজিৰে পৰা চলিল ৰাজলক্ষ্মী

পিচিবিৰ নিৰ্দেশনা অনুসৰি দিপাৱলীৰ নিশা ফটকাৰ বাবে সময় ৮ বজাৰ পৰা নিশা ১০ বজা কৰিছে আৰু ৰাজ্যত কেৱল সেউজীয়া ফটকা বিক্ৰী আৰু ক্ৰয়ৰ অনুমতি প্ৰদান কৰিছে। অৰ্থাত ৰাজ্যবাসীয়ে ২ ঘন্টাৰ বাবেহে ফটকা ফুটাব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply