নিউজ ডেস্ক : পথ নিৰ্মাণক কেন্দ্ৰ কৰি অসম-অৰুণাচল সীমান্তৰ গোগামুখত বৰ্তমান চেপা উত্তেজনাই বিৰাজ কৰি আছে। বুধবাৰে আৱেলি গোগামুখ আৰক্ষী থানাৰ অন্তৰ্গত হিম বস্তিত ঘটনাৰ সূত্ৰপাত ঘটে।

আজি ধেমাজি জিলা প্ৰশাসনৰ এগৰাকী বিষয়াই জনোৱা মতে বুধবাৰে হিম বস্তিৰ অসম-অৰুণাচল সীমান্তৰ এক বিবাদমান অঞ্চলত অৰুণাচল চৰকাৰে চলাই থকা পথ নিৰ্মাণত স্থানীয় লোকে বাধা প্ৰদান কৰাক লৈ সংঘাটৰ সৃষ্টি হয় আৰু এগৰাকী ঠিকাদাৰে শূন্যলৈ গুলীচালা কৰে।

‘অৰুণাচল চৰকাৰে চলাই থকা পথ নিৰ্মাণত অসমৰ একাংশ গাঁওবাসীয়ে বাধা প্ৰদান কৰিছিল। তেওঁলোকে প্ৰতিবাদ  কৰিবলৈ নিৰ্মাণ স্থলীত উপস্থিত হোৱাত পথ নিৰ্মাণকাৰ্য চলাই থকা ঠিকাদাৰ গৰাকীয়ে শূন্যলৈ এক জাঁই গুলী মাৰে,’ বিষয়া গৰাকীয়ে কয়।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে অসম আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি যাতে অৱনতি নঘটে তাৰ প্ৰতি নজৰ দি আছে।

উল্লেখযোগ্য যে অসমৰ ওদালগুৰি, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, ডিব্ৰুগড় আৰু চৰাইদেউ জিলাৰ মুঠ ৮০৪.১ কিলোমিটাৰ অঞ্চল অৰুণাচল প্ৰদেশৰ সীমান্তত পৰে।

যোৱা ২৪ জানুৱাৰীত অসমৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণাচল প্ৰদেশৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৰ সৈতে দুয়োখন ৰাজ্যৰ মাজত থকা সীমা সমস্যাক লৈ আলোচনাত মিলিত হৈছিল।

লগতে পঢ়ক – আজি মূলসূঁতিলৈ উভতি আহিল ২ উগ্রপন্থী সংগঠনৰ ২৪৪ জন সদস্য

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply