ফটো ইণ্টাৰনেটৰ পৰা সংগৃহীত

কোহিমা : বৃহস্পতিবাৰে গুলীচালনা সংঘটিত হোৱা মৰিয়নিৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী দিছৈ অঞ্চলত বৰ্তমানেও চেপা উত্তেজনাই বিৰাজ কৰি আছে।

পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অসম সীমান্তৱৰ্তী নাগালেণ্ডৰ ভিকুটো গাঁৱত নাগালেণ্ড আৰক্ষী মোতায়েন কৰা হৈছে।

উল্লেখযোগ্য যে বৃহস্পতিবাৰে মৰিয়নিৰ কংগ্ৰেছ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে আৰক্ষী, বন বিষয়া আৰু সাংবাদিকৰ এটা দলৰ সৈতে নগা লোকে বেদখল চলাই অহা বুলি অভিযোগ উঠি থকা দিচৈ বনাঞ্চল পৰিদৰ্শন কৰিবলৈ যাঁওতে নাগালেণ্ডৰ অচিনাক্ত লোকে তেওঁলোকৰ ওপৰত গুলীবৰ্ষণ কৰিছিল।

নাম প্ৰকাশত অনিচ্ছুক নাগালেণ্ড আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই ইষ্টম’জ’ক জনোৱা মতে যোৱা ২৫ মে’ত অসম আৰক্ষী আৰু অসমৰ বন বিভাগৰ এটা দলে কোনোধৰণৰ আগতীয়া জাননী নিদিয়াকৈ দিছৈ অঞ্চলৰ ভিকুটো গাঁৱত প্ৰৱেশ কৰে।

লগতে পঢ়ক : ধৰ্ষণৰ ভাইৰেল ভিডিঅ’ৰ সৈতে জড়িত দুই অপৰাধীক আৰক্ষীৰ গুলীচালনা

তেওঁলোকে সেই ঠাইখিনি বিবাদমান অঞ্চলত পৰে বাবে তাত কোনোধৰণৰ জীৱিকা সক্ৰান্তীয় কাম-কাজ কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰি প্ৰায় ৫০০ জোপা তোমোল গছ কাটি পেলাইছিল, বিষয়াজনে কয়।

তেওঁ আৰু কয়, ‘অসম আৰক্ষী আৰু অসমৰ বন বিভাগে চলোৱা উক্ত একপক্ষীয় কাৰ্য্যত গাঁৱৰ মানুহবিলাক যথেষ্ট ক্ষুব্ধ হৈ উঠিছিল, তেওঁলোকে মানুহবিলাককো সেই ঠাই এৰি গুচি যাবলৈ কৈছিল।’

ইয়াৰ পিছত বৃহস্পতিবাৰে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে প্ৰায় ৬০-৭০ জনীয়া এটা দলৰ সৈতে ভিকুটো গাঁৱত প্ৰৱেশ কৰি নগা লোকসকলক ‘ভাবুকি’ দিয়াত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে বুলি বিষয়াজনে কয়।

বিষয়াজনৰ মতে অসম আৰক্ষীয়ে প্ৰথমে আকাশলৈ টোঁৱাই পাঁচ জাঁই গুলীচালনা কৰিছিল আৰু ইয়াৰ প্ৰত্যুত্তৰত নগা গাঁওবাসীয়ে খজা বন্ধুকেৰে দুই জাঁই গুলীবৰ্ষণ কৰে।

পৰিস্থিতি যাতে অধিক অৱনতি নঘতে তাৰ বাবে নাগালেণ্ডৰ মোকোকচুং জিলাৰ আৰক্ষীয়ে যোৰহাটা আৰক্ষীৰ সৈতে যোগাযোগ বৰ্তাই ৰাখিছে বুলি জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply