লখিমপুৰ : অসম-অৰুণাচল প্ৰদেশ সীমান্তত গুলী চালনা। লখিমপুৰ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তত সংঘটিত হৈছে গুলী চালনাৰ ঘটনা। ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বীটৰ বীট অফিচাৰক লক্ষ্য কৰি গুলী চালনা।

লখিমপুৰ জিলাৰ ৰঙা সংৰক্ষিত বনাঞ্চলৰ অন্তৰ্গত ৰামপুৰত সংঘটিত হৈছে এক গুলী চালনাৰ ঘটনা। ৰঙা সংৰক্ষিত বনাঞ্চলৰ ৰামপুৰ বীটৰ বীট অফিচাৰ বনমালী নৰহক লক্ষ্য কৰি গুলী চালনা কৰা হয়। কথমপি প্ৰাণ ৰক্ষা পৰে বীট অফিচাৰ বনমালী নৰহৰ।

ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচল প্ৰদেশৰ দুৰ্বৃত্তই গছ কাটি থকাৰ এক খবৰ লাভ কৰিছিল বীট অফিচাৰ বনমালী নৰহই। খবৰ লাভ কৰাৰ পিছতে বীট অফিচাৰ বনমালী নৰহই দুৰ্বৃত্তক গছ কটাৰ বাধা দিবলৈ গৈছিল।

লগতে পঢ়ক :  ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নিলম্বিত উপাচাৰ্য্য ৰঞ্জিত তামুলীক অপসাৰণ

অৰুণাচল প্ৰদেশৰ দুৰ্বৃত্তক গছ কটাত বাধা দিয়াৰ বাবেই দুৰ্বৃত্তই বীট অফিচাৰ বনমালী নৰহক লক্ষ্য কৰি গুলী চালনা কৰে। ঘটনাস্থলীত বন বিভাগ আৰু আৰক্ষীৰ লোক উপস্থিত হৈছে। কিছুদিন পূৰ্বেও ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচল প্ৰদেশৰ দুৰ্বৃত্তই গছ কটাৰ চেষ্টা চলাইছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,499 other subscribers

Leave a comment

Leave a Reply