মহানগৰীত পুনৰ গুলীচালনাৰ ঘটনা
গুলীচালনাত এজন ব্যবসায়ী মৃত্যু
মহানগৰীৰ ছাত্ৰীবাৰীত গুলীচালনা ঘটনা।
বাইকত অহা দুই দুৰ্বৃত্তই গুলীচালনা কৰে এজন ব্যৱসায়ীলৈ।
অৱদেশ যাদৱ নামৰ ৪৩ বছৰীয়া এজন ব্যৱসায়ীলৈ গুলীচালনা কৰে।
গুলীত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত অৱদেশ যাদৱ নামৰ ব্যৱসায়ী জনক
মাৰোৱাৰী মেটাৰনিটি হাস্পতাললৈ প্ৰেৰন কৰা হয় যদিও ব্যবসায়ী জনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে। গুলীচালনা কৰিয়েই দুৰ্বৃত্তৰ পলায়ন কৰে।
ব্যৱসায়ীক প্ৰতিষ্ঠানৰ সন্মুখতে এই ঘটনা
বাইক এৰি পলায়ন দুৰ্বৃত্তৰ
স্থানীয় লোকে জব্দ কৰি ৰাখিছে বাইকখন।
দুৰ্বৃত্ত অহা বাইক খনৰ নম্বৰ As13- D 4033 ।
দুৰ্বৃত্তই ধন দাবী কৰিছিল গুটখা ব্যৱসায়ী যাদৱক বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত গুৱাহাটী আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত ৷
অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।
লগতে পঢ়ক- মহানগৰীত চাঞ্চল্যকৰ ঘটনাঃ গুটখাৰ বাবেই যুৱকক চুৰিকাঘাত