ডিফু: কাৰ্বি আংলংৰ বালিজানত দেওবাৰে চলা প্ৰশাসনৰ উচ্ছেদ অভিযানত গুলীয়াগুলীত খটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আহত হৈছে।
নিৰ্ধাৰিত এটা এলেকাত প্ৰশাসন আৰু স্বায়ত্ব শাসিত পৰিষদে উচ্ছেদ অভিযান চলাবলৈ অহাৰ সময়তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। বালিজানৰ খানবস্তিত উচ্ছেদ চলাবলৈ আহিছিল প্ৰশাসনৰ লোক।
গুৱাহাটী উচ্চ ন্যায়ালয়ে এই উচ্ছেদত স্থগিতাদেশ জাৰি কৰিছিল এলেকাটোৰ নিৰ্বাচিত এটা অঞ্চলত উচ্ছেদ নচলাবলৈ স্থগিতাদেশ জাৰি কৰিছিল ন্যায়ালয়ৰ।
ইয়াৰ পিছতো উচ্ছেদ কৰিবলগীয়া স্থানত আজি পুৱাৰ ভাগতে উপস্থিত হৈছিল আৰক্ষী তথা চি আৰ পি এফৰ বিশাল বাহিনী লগত জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া।

খটখটি বালিজানত পুৱাৰে পৰা কাৰ্বি আংলং জিলা প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানত দুপৰীয়াৰ ভাগত পৰিস্থিতিৰ উতপ্ত হৈ পৰে। আৰক্ষী আৰু বেদখলকাৰীৰ মাজত চলা গুলীয়াগুলীৰ ঘটনাত খটখটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজু দুৱৰা গুৰুতৰ ভাৱে আহত হয়।
তেওঁক বোকাজান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে সীমান্তৱৰ্তী অঞ্চলটোত চলা উচ্ছেদ অভিযানৰ সময়ত আৰক্ষীক উদ্দেশ্যি গুলী চালনা কৰাৰ পিছতে নাগা সীমান্তৰ ভিতৰলৈ সোমাই যোৱা একাংশ বেদখলকাৰীৰ ভিতৰত ৩ জন লোক অসম আৰক্ষীৰ গুলীত আহত হোৱা বুলি অভিযোগ কৰিছে স্থানীয় বাসিন্দাই।

কাৰ্বি আংলং জিলাৰ বালিজানত বেআইনীভাৱে বসবাস কৰিবলৈ লোৱা ১৩৪ টা মুছলমান আৰু নগা খ্ৰীষ্টিয়ান লোকক উচ্ছেদ কৰিবলৈ কাৰ্বি স্বায়ত্ব পৰিষদে লোৱা সিদ্ধান্তৰ ভিত্তিতই জিলা প্ৰশাসনৰ পৰা জাননী জাৰি কৰা হৈছিল।

এই সন্দৰ্ভত উচ্চ ন্যায়ালয়ত তৰা এক আৱেদনৰ ভিত্তিত ৩৪ টা পৰিয়ালৰ ঘৰ উচ্ছেদ নকৰিবলৈ ন্যায়ালয়ে নিৰ্দেশ দিয়ে। অঞ্চলটোত থকা বাকী ১০০ টা পৰিয়ালৰ ঘৰ উচ্ছেদৰ বাবে দেওবাৰে আৰক্ষী বাহিনীৰ বৃহৎ সংখ্যক লোকৰ লগতে প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ উপস্থিতিত পুৱাৰে পৰা উচ্ছেদ অভিযান আৰম্ভ কৰিছিল।
৩০ টা মান পৰিয়ালৰ ঘৰ ভঙাৰ পিছতে অঞ্চলটোত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। বৃহৎ সংখ্যক নগা মহিলাই হাতে হাতে প্লে’কাৰ্ড লৈ ইয়াৰ প্ৰতিবাদ কৰাৰ লগতে এক্সেভেটৰ সন্মুখত বহি পৰে।

লগতে পঢ়ক–সোণাৰিত অব্যাহত অবৈধ মদ-জুৱাৰ মুকলি আড্ডা

ইয়াৰ পিছতেই তীব্ৰ তৰ্কাতৰ্কি চিঞৰ-বাখৰৰ সৃষ্টি হোৱাৰ সময়ত প্ৰতিবাদী পক্ষৰ ফালৰ পৰা আৰক্ষীলৈ শিল দলিওৱাৰ পৰৱৰ্তী সময়ত আৰক্ষীক উদ্দেশ্যি গুলী চলোৱাৰ ঘটনা সংঘটিত হয়। প্ৰত্যুত্তৰত অসম আৰক্ষীয়েও গুলী চলাবলৈ বাধ্য হয়।

এই গুলীয়াগুলীৰ ঘটনাত খটখটিৰ ভাৰপ্ৰাপ্ত বিষয়াসহ কমেও ৫ জন লোক আহত হোৱাৰ ঘটনাৰ পিছতেই পৰিস্থিতি অধিক উত্তপ্ত হৈ উঠে।
নাগালেণ্ডৰ সীমাৰ ভিতৰৰ পৰাও বহু লোকে ইয়াৰ প্ৰতিবাদ কৰে। অৱশ্যে আৰক্ষী, অৰ্ধসামৰিক বাহিনীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হয় যদিও সমান্তৰালভাৱে ন্যায়ালয়ে অনুমোদন জনোৱা স্বত্বেও ৩০ টা ঘৰত উচ্ছেদ চলোৱাৰ পিছতে দেওবাৰৰ উচ্ছেদ অভিযান বন্ধ কৰিবলৈ বাধ্য হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply