তামুলপুৰ : এতিয়াও অস্ত্ৰ মুক্ত হোৱা নাই বড়ো ভূমি। উদং হৈছে অস্ত্ৰ মুক্ত বড়ো ভূমি দাবীৰ ফোঁপোলা স্বৰূপ। অব্যাহত আছে অস্ত্ৰ মুক্ত বড়ো ভূমিত অবৈধ অস্ত্ৰৰ ধনঝননী। হাতে হাতে অবৈধ অস্ত্ৰ লৈ এতিয়াও বড়ো ভূমিত মুক্তভাৱে ঘূৰি ফুৰিছে দুৰ্বৃত্ত।
ক’ভিড সৃষ্ট পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে ৰাজ্যজুৰি সান্ধ্য আইন চলি থকাৰ মাজতে বড়ো ভূমিত গুলী চালনাৰ ঘটনা। বাক্সা জিলাৰ তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ পাটকিজুলীৰ কালাঝাৰ গাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এক গুলী চালনাৰ ঘটনা। দুৰ্বৃত্তৰ দল এটাই শূন্যলৈ গুলি চালনা কৰি পলায়ন কৰে।
ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক কাডেছ মুছাহাৰীৰ বাসগৃহৰ সন্মুখত অচিনাক্ত দূৰ্বৃত্তই শূন্যলৈ গুলী চালনা কৰে। ঘটনাক কেন্দ্ৰ কৰি নিশাই আতংকৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলজুৰি। নিশাই তামুলপুৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দলসহ দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ তদন্ত চলায়।
আৰু পঢ়কঃ এতিয়াও নিয়ন্ত্ৰণৰ বাহিৰত ভাৰতত মাৰাত্মক ক’ভিডৰ সংক্ৰমণৰ হাৰ
নিশা ৯ মান বজাত সংঘটিত হোৱা এই গুলী চালনাৰ ঘটনা ৰাজনৈতিক ষড়যন্ত্ৰৰ ঘটনা হ’ব পাৰে বুলিও মন্ত্যব কৰিছে ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয় সম্পাদক কাডেছ মোছাহাৰীয়ে। ঘটনাৰ পিছত শনিবাৰে পুৱাৰ ভাগতে কাডেছ মোছাহাৰীৰ বাসগৃহত উপস্থিত হয় বি টি আৰৰ অধ্যক্ষ কাতিৰাম বড়োসহ জিলা পৰ্যায়ৰ বহু নেতা-কর্মী।