নিউজ ডেস্ক– আজিৰ দিনটো অসমীয়া চলচ্চিত্ৰ জগতৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন। ১৯৩৫ চনৰ ১০মাৰ্চ অৰ্থাৎ আজিৰ দিনটোতে মুক্তি লাভ কৰিছিল অসমৰ প্ৰথমখন অসমীয়া কথাছবি ‘’জয়মতী‘’। অসমৰ সাংস্কৃতিক ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছিল এই চলচ্চিত্ৰখনে।
সতী জয়মতী অসমৰ ইতিহাসৰ এক বিশেষ চৰিত্ৰ। যিগৰাকী মহিয়সীৰ আদৰ্শৰে যুগে যুগে অনুপ্ৰাণিত হৈ আহিছে সমগ্ৰ অসমীয়া জাতি। সতী জয়মতীৰ কাহিনীৰে অনুপ্ৰাণিত হৈ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৩৫চনত নিৰ্মাণ কৰি উলিয়াইছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ ‘’জয়মতী’’। জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। এই ছবিৰ মূল শ্বুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা ‘চিত্ৰবন ষ্টুডিঅ’ত কৰা হৈছিল। ১৯৩৫ চনৰ ১০মাৰ্চত ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হয়।
আজি অগপ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী পৃথ্বীৰাজ ৰাভাই জ্যোতিভাৰতীত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অসমীয়া চলচ্চিত্ৰৰ বিকাশৰ বাবে আত্মনিয়োগ কৰিব বুলি উল্লেখ কৰে। পৃথ্বীৰাজ ৰাভাই এফাঁকি জ্যোতি সংগীতৰ কলিও আওৰায় । জ্যোতিভাৰতীত উপস্থিত হোৱাৰ পূৰ্বে পৃথ্বীৰাজ ৰাভাই তেজপুৰ আদালতত প্ৰৱেশ কৰি অধিবক্তা আৰু ভেন্দৰ সকলৰ লগত মতবিনিময় কৰে । আদালতত অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী জানমনি বৰাৰ লগত পৃথ্বীৰাজ ৰাভাই মত বিনিময় কৰে । পৃথ্বীৰাজ ৰাভাই নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিবলগীয়া কলাগুৰু বিষ্ণুৰাভাৰ দুই অমৰ সৃষ্টি ´´অ অসমীয়া ডেকা দল´´ আৰু ” বল বল কৃষক শক্তি দল ” ৰ্শীষক গীত দুটা গুণগুনাই অসমৰ গাঁৱত কৃষক আছে, তেওঁলোকে আন্দোলন নকৰে কেৱল গাঁৱত হাল বায় , ধান কাটে বুলিও উল্লেখ কৰে ।