গুৱাহাটী : মঙলাবাৰে অনুষ্ঠিত হয় ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেট বৈঠক। নতুন চৰকাৰখনৰ প্ৰথমখন কেবিনেটতে গ্ৰহণ কৰা হয় কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তত। শেহতীয়া ক’ভিড পৰিস্থিতিৰ পৰা নিবনুৱাৰ সংস্থাপনলৈকে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় প্ৰথমখন কেবিনেটত।

সোমবাৰে অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰাৰ পিছতে মঙলাবাৰে মন্ত্ৰী সকলক দপ্তৰ বিতৰণ কৰিয়ে ড° হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠিত কৰে প্ৰথমখন কেবিনেট বৈঠক। প্ৰথমখন কেবিনেট বৈঠক নতুন চৰকাৰখনে গ্ৰহণ কৰা সিদ্ধান্ত সমূহৰ সম্পৰ্কে সংবাদ মেল অনুষ্ঠিত কৰি সাংবাদিক সকলক অৱগত কৰে মন্ত্ৰী কেশৱ মহন্ত আৰু পিয়ুষ হাজৰিকাই।

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট বৈঠকখনত সিদ্ধান্ত গ্ৰহণ কৰা হয় যে প্ৰতি সপ্তাহৰ বুধবাৰে কেবিনেট বৈঠক অনুষ্ঠিত কৰা হ’ব। প্ৰথমবাৰৰ বাবে অসমত প্ৰতিটো সপ্তাহত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। প্ৰতি বুধবাৰে দিনৰ ১১ বজাত এই বৈঠক অনুষ্ঠিত কৰা হ’ব বুলি জানিবলৈ দিয়ে মন্ত্ৰী পিয়ুষ হাজৰিকাই।

ইয়াৰ পিছতে মন্ত্ৰী কেশৱ মহন্তই কেবিনেট বৈঠকৰ সিদ্ধান্ত সমূহ দাঙি ধৰি কয় যে বৰ্তমানৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত কেবিনেট বৈঠকত আলোচনা কৰা হয়। প্ৰতি গৰাকী মন্ত্ৰীক দুখনকৈ জিলা নিৰ্ধাৰণ কৰি দায়িত্ব প্ৰদান কৰা হ’ব আৰু দায়িত্ব লাভ কৰা মন্ত্ৰীয়ে নিজৰ নিজৰ জিলাৰ ক’ভিড পৰিস্থিতিৰ বিতং তথ্য তিনি দিনৰ ভিতৰত দাখিল কৰিব লাগিব।

ইফালে শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি লকডাউনৰ পদক্ষেপ সন্দৰ্ভত বুধবাৰে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব। যদি লকডাউনৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় তেন্তে ইয়াৰ বাবে আৰ্থিক সাহাৰ্য্য ঘোষণা কৰাৰ সম্পৰ্কেও চৰকাৰখনে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই। লগতে নিৰ্বাচনৰ পূৰ্ব চৰকাৰখনে বছৰি ১ লাখ নিযুক্তি প্ৰদান কৰা সন্দৰ্ভত এক কমিটি গঠন কৰি ইয়াক কাৰ্যকৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

লগতে পঢ়ক : ক’ভিডৰ শেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰ উচ্চ পদস্থ বিষয়াবৰ্গৰ সৈতে বৈঠক

ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত হোৱা প্ৰথমখন কেবিনেট বৈঠকত মাইক্ৰ’ফাইনেঞ্চ সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত মাইক্ৰ’ফাইনেঞ্চৰ আসোঁৱাহ সমূহ দূৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি মন্ত্ৰী অশোক সিংহালৰ নেতৃত্বত এখন কমিটি গঠন কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply