দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বৃহস্পতিবাৰে কভিডত আক্ৰান্ত হৈ এজন লোক মৃত্যু মুখত পৰে। জিলাখনত কভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ১৫৩ জনলৈ বৃদ্ধি পাইছে। কভিড পৰীক্ষা কৰি ভেকছিন ল’বলৈ জিলাখনৰ আৰক্ষী অধীক্ষক আৰু জিলা উপায়ুক্তৰ ৰাইজক আহ্বান।
বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় ১ বজাত দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত লালমাটি গাঁৱৰ সাধন চন্দ্ৰ সাহা নামৰ এজন লোক অসুস্থ হোৱাত লোক জনক জিলাৰ সদৰ হাটশিঙিমাৰী অসামিৰক চিকিৎসালায়ত চিকিৎসাৰ বাবে অনা হয়। চিকিৎসালয়ত অনাৰ পূৰ্বেই লোকজনৰ মৃত্যু ঘটাত লোকজনৰ কভিড পৰীক্ষা কৰা হয়। কভিড পৰীক্ষাৰ অন্তত লোকজন কভিড পজিটিভ বুলি ধৰা পৰে।
লোকজন কভিডত আক্ৰান্ত হৈ মৃত্যু মুখত পৰা ঘটনাক লৈ পৰিয়ালৰ লোকৰ মাজত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। জিলাখনত কভিডৰ দ্বিতীয় ঢৌত প্ৰথমজন লোক আক্ৰান্ত হৈ মৃত্যু মুখত পৰিছে। জিলাখনত বৃহস্পতিবাৰে নতুনকৈ ১৩ জনকৈ লোকৰ শৰীৰত কভিডৰ অৱস্থিতি ধৰা পৰাত মুঠ আক্ৰান্তৰ সংখ্যা ১৫৩ জনলৈ বৃদ্ধি পাইছে।
হাটশিঙিমাৰী অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ ছামছুল হকে জানিবলৈ দিয়া মতে মৃত্যুৰ মুখত পৰা ৪৫ বছৰীয়া লোকজন প্ৰায় ১০ দিন পূৰ্বে কভিডৰ প্ৰতিষেধকৰ প্ৰথম পালি টীকা গ্ৰহন কৰিছিল। ইয়াৰ পিছৰে পৰা লোকজন অসুস্থ হৈ পৰিছিল। বৃহস্পতিবাৰে লোকজনৰ অৱস্থা জটিল পৰাত লোকজন মৃত্যু মুখত পৰে। অৱশ্যে টীকা লোৱাৰ বাবে লোকজনৰ মৃত্যু হোৱা নাই বুলিও অধীক্ষকজনে জানিবলৈ দি কয় যে কভিডৰ দ্বিতীয় ঢৌয়ে জিলাখনত ভয়াবহ গণ সংক্ৰমৰ দিশে গতি কৰিছে।
ইফালে জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক জনে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজ্য চৰকাৰে জাৰি কৰা নতুন এছ অ পি তথা চৰকাৰী সকলো নিৰ্দেশনা ৰাইজক মানি চলিবলৈ আহ্বান জনায়। জিলা আৰক্ষীয়ে আইন নমনা লোকৰ বিৰুদ্ধে কঠোৰ হ’ব বুলিও আৰক্ষী অধীক্ষক কংকন জ্যোতি শইকীয়াই উল্লেখ কৰে। বিশেষকৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাবাসী ৰাইজ এতিয়াৰে পৰা সজাগ হ’বলৈ জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰও আহ্বান জনায়।