গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত সমূহ বেংক কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ প্ৰথম পৰ্যায়ৰ ক’ভিড প্ৰতিষেধক প্ৰদান সম্পূৰ্ণ। জিলা দুৰ্যোগ প্ৰশমণ বিভাগৰ উপদেশ মৰ্ম্মে, কামৰূপ মহানগৰ জিলা অগ্ৰণী বেংক বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু স্বাস্থ্য সঞ্চালকালয়, অসম তথা উত্তৰ পূব ষ্টেট বেংক বিষয়া সন্থাৰ সৌজন্যত এচ বি অ এ পাব্লিক স্কুলত যোৱা ২৬ মে’ৰ পৰা ২১ জুনলৈকে অনুস্থিত ক’ভিড প্ৰতিষেধক প্ৰথম পালি প্ৰদানৰ শিবিৰত উক্ত জিলাখনৰ প্ৰায় সাত হেজাৰ বেংক কৰ্মচাৰী আৰু পৰিয়ালৰ সদস্যক সামৰি লোৱা হয়।
অৱশ্যে এই শিবিৰত বেংক সমূহত নিয়োজিত কেন্টিন কৰ্মচাৰী, বিচি, চি এচ পি, এ টি এম সেৱাত জড়িত কৰ্মচাৰী আৰু নিৰাপত্তা ৰক্ষী সকলকো সামৰি লোৱা হয়। অগ্ৰণী বেংক বিষয়া, কামৰূপ মহানগৰ জিলা সুদিপ ধৰে উক্ত শিবিৰ সফল পৰিসমাপ্তি তথা পৰিচালনাত বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা আগবঢ়োৱা মুনীন্দ্ৰ নাথ নাংতে, এ চি এচ, সঞ্চালক স্বাস্থ্য বিভাগ, ৰূপম ৰয়, সাধাৰণ সম্পাদক, উত্তৰ পূব ষ্টেট বেংক বিষয়া সন্থা, অধ্যক্ষ, এচ বি অ এ পাব্লিক স্কুল, সমূহ বেংকৰে শীৰ্ষ বিষয়া প্ৰমুখ্যে সংশ্লিষ্ট আটাইৰে শলাগ লয়।
লগতে পঢ়ক : মিচিং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্মিত অতিথিশালা উদ্ধোধন
উল্লেখ যে কামৰূপ মহানগৰ জিলাখনৰ কৰ্মৰত সমূহ বেংক বিষয়া কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালৰ সমূহ সদস্যৰ প্ৰতিষেধক প্ৰদান সম্পন্ন কৰা ৰাজ্যৰ প্ৰথমখন জিলা হিচাপে বিবেচিত হৈছে।