গুৱাহাটী : শুকুৰবাৰে গুৱাহাটীত অনুষ্ঠিত হয় উত্তৰ-পূবৰ প্ৰথমখন ক্ৰীড়া সন্মিলন। কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে অংশগ্ৰহণ কৰা উক্ত সমাৰোহত ক্ৰীড়াৰ সৈতে জড়িত দেশ তথা ৰাজ্যৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

দিনজোৰা কাৰ্য্যসূচীৰে অনুষ্ঠিত সভাত বক্তাসকলে উত্তৰ-পূবত ক্ৰীড়াৰ আন্তঃগাঁথনিৰ বিকাশকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰে। নিজৰ বক্তব্যত মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটোত ক্ৰীড়াৰ বিকাশৰ বাবে উদ্দেশ্যে চৰকাৰৰ পৰিকল্পনা সম্পৰ্কে অৱগত কৰে।

টকিঅ’ অলিম্পিকত পদক অৰ্জন কৰা ভাৰোত্তোলক মিৰাবাই চানু আৰু বক্সাৰ লাভলীনা বৰগোহাঁই উপস্থিত থকা আজিৰ এই অনুষ্ঠানত অলিম্পিক আৰ্চাৰ জয়ন্ত তালুকদাৰ, বক্সাৰ চৰিতা দেৱী, বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাসী বিষয়া প্ৰমোদ বড়ো, মিজোৰাম ফুটবল এছ’চিয়েচনৰ সম্পাদক টেটেয়া মাৰ আলোচনাত মিলিত হয়।

স্পৰ্টষ্টাৰৰ উদ্যোগত অনুষ্ঠিত এই সভাত উত্তৰ-পূবক কিদৰে ভাৰতৰ স্পৰ্টছ হাবলৈ পৰিণত কৰিব পাৰি তাক লৈ এক আলোচনাত কৰা হয়। অনুষ্ঠানত এছিয়ান গে’মছত স্বৰ্ণ পদক অৰ্জন কৰা প্ৰথম গৰাকী অসমীয়া অৰ্জুণ ভোগেশ্বৰ বৰুৱাক সম্বৰ্ধনা জনোৱা হয়।

লগতে পঢ়ক : মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply