নিউজ ডেস্কঃ নাগালেণ্ড আৰু মেঘালয়ৰ নতুন চৰকাৰ গঠনৰ শপত গ্ৰহণ অংশগ্ৰহণ কৰি গুৱাহাটীত উপস্থিত হৈছেহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বৰঝাৰ বিমান বন্দৰত মোদীক সাংস্কৃতিক দল আৰু গায়ন বায়নেৰে উষ্ম আদৰণি জনোৱা হয়।

আজি সন্ধিয়া ৬ বাজি ৪৫ মিনিটৰ পৰা কইনাধাৰাত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট বৈঠক।

প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হ’ব অসমৰ এই বিশেষ কেবিনেট বৈঠক।

ৰাজ্যিক মন্ত্ৰীবৰ্গৰে অনুষ্ঠিত হ’বলগীয়া এই কেবিনেট বৈঠকত বহুকেইটা গুৰুত্বপূৰ্ণ বিষয় সামৰি লোৱা হ’ব বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী গৰাকী আজি নিশাটো ৰাজ্যিক অতিথিশালা বাস কৰি কালি পুৱাই ত্ৰিপুৰালৈ ৰাওনা হ’ব।

লগতে পঢ়ক – পঞ্চমবাৰৰ বাবে নেফিউ ৰিঅ’ ৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply