কাজিৰঙা : ৰাষ্ট্ৰপতিৰ পত্নী সবিতা কোবিন্দ আৰু জীয়ৰী স্বাতী কোবিন্দসহ আত্মীয়ৰ এটা দলে শনিবাৰে উপভোগ কৰিলে কাজিৰঙাৰ বাগৰিত জীপ চাফাৰীৰ মাদকতা। চাফাৰীৰ সময়ত ৫০ টাৰো অধিক গঁড় আৰু পহুৰ জাক দেখি অভিভূত হৈ পৰে দেশৰ প্ৰথম গৰাকী মহিলাসহ দলটো।
বাগৰি বনাঞ্চল ডোঙা বন শিবিৰ এলেকাত চাফাৰী কৰি সন্তুষ্টি প্ৰকাশ কৰিলে যদিও বাঘ দেখাৰ সৌভাগ্য নহ’ল দলটোৰ। দলটোক সংগ দিয়ে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য, স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, কৃষি মন্ত্ৰী অতুল বৰাৰ লগতে কাজিৰঙাৰ সঞ্চালক পি শিৱকুমাৰে।
লগতে পঢ়ক : আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলিছে ভাৰতৰ ছাদিয়া
বিশেষ স্বাস্থ্যগত কাৰণত জীপ চাফাৰীৰ পৰা বিৰত থাকিল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ। কাইলৈ পুৱা হাতী চাফাৰী কৰাৰ লগতে এনিমেক ক’ৰিড’ৰ সম্পৰ্কীয় কাৰ্যসূচীত অংশ লোৱাৰ কথা ৰাষ্ট্ৰপতি গৰাকীৰ।