গোলাঘাট- প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে গোলাঘাট জিলা প্ৰশাসনেও প্ৰয়োজনীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে । ভোটদাতাসকলক সজাগ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ Systematic Voters Education & Electoral Participation চমুকৈ SVEEP ৰ অধীনত ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে।
এইবাৰ ভোটদাতাসকলৰ সহায় হোৱাকৈ জিলা প্ৰশাসনে ভোটগ্ৰহণ কেন্দ্ৰত ভালেমান সা-সুবিধাৰ ব্যৱস্থা কৰিছে।
প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত খোৱাপানী, পুৰুষ আৰু মহিলাৰ সুকীয়া শৌচালয়, উপযুক্ত দিশ নিৰ্দেশনা অৰ্থাৎ দিশসূচক সংকেতৰ ব্যৱস্থা, ৰেম্প আদিৰ ব্যৱস্থা থাকিব।

আনহাতে, ৮০বছৰৰ উৰ্ধৰ ব্যক্তিসকলে প্ৰয়োজন অনুসৰি ডাক বেলটযোগেও ভোট দিব পাৰিব। এনে বেলটসমূহ প্ৰয়োজনসাপেক্ষে বাসগৃহৰ পৰা সংগ্ৰহৰ ব্যৱস্থা কৰা হ’ব।
উল্লেখযোগ্য যে এইবাৰ গোলাঘাট জিলাৰ চাৰিওটা বিধানসভা সমষ্টিত এতিয়ালৈকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা ৮০ বছৰৰ উৰ্ধৰ মুঠ ৮,১৯৬ জন ভোটাৰ আছে। ৮০ৰ পৰা ৮৯ বছৰৰ ভিতৰৰ ৭০৮২ জন, ৯০ৰ পৰা ৯৯ বছৰৰ ভিতৰৰ ১০২৮ জন আৰু ১০০ বছৰৰ উৰ্ধৰ ৮৬ জন ভোটাৰ আছে।


ইয়াৰ ভিতৰত ৯৩নং বোকাখাত সমষ্টিত ৮০-৮৯বছৰৰ ১,১৭৫জন, ৯০-৯৯বছৰৰ ১৭৭জন আৰু শতায়ু গৰকা ৮জন ভোটাৰ আছে ।৯৪ নং সৰুপথাৰ সমষ্টিত ৮০-৮৯ বছৰৰ সৰ্বাধিক ২,১৮১জন, ৯০-৯৯বছৰৰ ৩১৯জন আৰু ৩২জন ১০০ বছৰৰ উৰ্ধৰ ভোটাৰ আছে। ৯৫ গোলাঘাট সমষ্টিত ৮০-৮৯বছৰৰ ২,২২২জন, ৯০-৯৯বছৰৰ ৩২৭জন আৰু শতায়ু গৰকা ৩২জন ভোটাৰ আছে। আনহাতে ৯৬ নং খুমটাই সমষ্টিত ৮০-৮৯বছৰৰ ১,৫০৪জন, ৯০-৯৯বছৰৰ ২০৫জন আৰু ১৪জন ১০০ বছৰৰ উৰ্ধৰ ভোটাৰ আছে।

তদুপৰি, গোলাঘাট জিলাত এতিয়ালৈকে নাম অন্তৰ্ভুক্ত হোৱা ২,৬৭২ জন বিশেষভাৱে সক্ষম ভোটদাতা আছে। ইয়াৰে ১,৩৫৯জন পুৰুষ আৰু ১,৩১৩ গৰাকী মহিলা ভোটদাতা। বিশেষভাৱে সক্ষম ভোটদাতাসকলক ভোটগ্ৰহণ কেন্দ্ৰলৈ অনাৰ বাবে হুইল শ্বেয়াৰ অথবা অন্য কোনো বাহনৰ ব্যৱস্থা কৰাৰ বাবেও চিন্তা-চৰ্চা কৰা হৈছে বুলি গোলাঘাট জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply