নিউজ ডেস্কঃ ডিব্ৰুগড়ত স্থাপন কৰা হ’ব উত্তৰ-পূবৰ প্ৰথমটো চাহ সংগ্ৰহালয়। ইতিমধ্যে এই প্ৰকল্পটোৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে।
ডিব্ৰুগড়ত চাহ সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱটো ২০১৬ চনত অসম পৰ্যটন বিভাগে অনুমোদন জনাইছিল আৰু ২০১৭ চনৰ ইয়াৰ কামৰ আৰম্ভণি হৈছিল।
নৰ্থ-ইষ্ট কাউঞ্চিলৰ অধীনত ৩.১৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা হৈছে এই ভৱনটোৰ কাম ৷
প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ৰ বাবে উত্তৰ-পূব পৰিষদ আৰু অসম চৰকাৰে ৩.১৪ কোটি টকা মঞ্জুৰ কৰিছিল। ইপিনে, এন ই চিয়ে দ্বিতীয় পৰ্যায়ৰ বাবে অগ্ৰাধিকাৰৰ ভিত্তিত ৪০ কোটি টকা মঞ্জুৰ কৰিছে।
লগতে পঢ়কঃএবেগ চিমেন্টে সলনি কৰিলে মৰাণৰ ৰিংকুৰ ভাগ্য়
সংগ্ৰহালয় চৌহদটোৰ ভিতৰত এটা প্ৰেক্ষাগৃহ, এখন আৰ্হি চাহ বাগিচা আৰু এটা চাহ কাৰখানা নিৰ্মাণ কৰা হ’ব, যি ২.৬৬ একৰ ভূমিত বিয়পি আছে।
এই টি মিউজিয়ামটোত অসমৰ চাহ খেতিৰ ইতিহাস, অসমত চাহ উৎপাদনৰ পৰম্পৰাগত শৈলী, আৰ্হি ৰূপত চাহ উৎপাদনৰ কাৰখানা (কলঘৰ), এখন চাহ বাগিচা ইত্যাদি ৰখাৰ দিহা কৰা হ’ব ।
ডিব্ৰুগড়ত চাহ সংগ্ৰহালয় স্থাপন কৰাটো জনসাধাৰণৰ দীৰ্ঘদিনীয়া দাবী আছিল যাক ভাৰতৰ চাহ চহৰ বুলি জনা যায় বুলি অসম পৰ্যটন উন্নয়ন নিগম লিমিটেডৰ (এআইটিডিচি) অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱাই এক প্ৰসংগত উল্লেখ কৰে।