আজি হাফলঙত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। বছৰটোৰ প্ৰথমখন কেবিনেটৰ পূৰ্বে সজাই-পৰাই তোলা হৈছে হাফলং চহৰ।
দুপৰীয়া হাফলঙত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
২.৩০ বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব।
কেবিনেট বৈঠকক কেন্দ্ৰ কৰি হাফলঙত উদুলি-মুদুলি পৰিৱেশ। নৰূপত সজাই তোলা হৈছে হাফলঙ চহৰ। মঙ্গলবাৰে নিশাই উপস্থিত কেইবাজনো মন্ত্ৰী ।
হাফলঙত নাই হেলিপেডৰ ব্যবস্থাই নথকাৰ বাবে লামডিঙতেই হেলিকপ্তাৰ অৱতৰণ কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা গাড়ীৰে যাত্ৰা কৰে হাফলঙৰ কেবিনেট বৈঠকলৈ।
দিনৰ ২-৩০ মিনিটৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই কেবিনেট বৈঠকৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। কেইবাটাও চৰকাৰী অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰাৰ কাৰ্যসূচী আছে মুখ্যমন্ত্ৰীগৰাকীৰ।
ইফালে কেবিনেট বৈঠকৰ বাবে জিলাখনলৈ আগমণ ঘটা মন্ত্ৰী-বিধায়কৰ লগতে শীৰ্ষ বিষয়াসকলক জনজাতীয় খাদ্যৰে সোৱাদ দিবলৈ সাজু হৈছে জিলা প্ৰশাসন। গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলৰ পৰাও কেবিনেট বৈঠকৰ বাবে খাদ্য নিয়া হৈছে বুলিও জানিব পৰা গৈছে।

বঙাইগাও কেবিনেটত বৰভোজ খোৱাক লৈ বিশেষ চৰ্চা হোৱাৰ বাবেই আজি হাফলঙত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত নচলিব মহাভোজ। কেবিনেটৰ পূৰ্বে মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ।
লগতে পঢ়ক- ৰাজ্য চৰকাৰৰ ক’ভিড নিৰ্দেশক লৈ ভেঙুচালী গুৱাহাটীৰ ব্যক্তিগত খন্ডৰ বিদ্যালয়ৰ
কেবিনেটত ৰেডিশ্বন ব্লু’ৰ খাদ্য সম্ভাৰ হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পিছতেই তালিকাৰ পৰা সেই খাদ্য সম্ভাৰ আঁতৰোৱা হয়। মন্ত্ৰী পিয়ুষ হাজৰিকাই মুখ্যমন্ত্ৰীয়ে কাঢ়া নিৰ্দেশ দিয়া বুলি জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছত এবিধ মাছ, এবিধ মাংস তথা স্থানীয় খাদ্যৰেহে আপ্যায়ন কৰাৰ ব্যবস্থা কৰিব হাফলং কেবিনেটত।