গুৱাহাটী- অতি সহজ প্ৰক্ৰিয়াৰে ক’লা তিলৰ সৈতে মাছৰ আঞ্জাখন কেনেকৈ প্ৰস্তুত কৰিব জানো আহক-

উপকৰণঃ

ৰৌ মাছ- ২-৩ টুকুৰা,

ক’লা তিল – ৩ টেবুল চামুচ,

পাঁচফোৰণ – ১ চাহ চামুচ,

সৰিয়হৰ তেল – ১ টেবুল চামুচ

পিঁয়াজ – ১ টা (মিহিকৈ কুটি ল’ব),

আদা-নহৰু বটা – ১ চাহ চামুচ,

শুকান জলকীয়া – ১ টা,

তেজপাত – ১-২ খন,

নিমখ – সোৱাদ অনুসৰি,

হালধি গুড়ি – ১/২ চাহ চামুচ,

কেঁচা ধনিয়া পাত – অলপমান কুটি ল’ব

জালুক গুড়ি – আধা চাহ চামুচ,

গোটা জিৰা, গোটা ধনিয়া, গোটা জালুক – ২ চাহ চামুচ (অলপমান পানীত মিহলাই ল’ব),

প্ৰস্তুত প্ৰণালীঃ

প্ৰথমতে মাছকেইটুকুৰা পানীত ভালকৈ ধুই ল’ব। তাৰ পাছত তাত নিমখ, হালধি আৰু জালুক গুড়িৰে সানি লৈ পাঁচ মিনিটমান থৈ গৰম তেলত ভাজি ল’ব। তাৰ পাছত এখন কেৰাহিত শুকানকৈ তিল, গোটা জিৰা, গোটা ধনিয়া, জালুক অলপ ভাজি ল’ব। এতিয়া ঠাণ্ডা কৰি মিক্সিত দি লগত পিঁয়াজ, আদা-নহৰু, অলপ ধনিয়া পাত, শুকান জলকীয়া আৰু অলপ পানী দি এক মিশ্ৰণ বনাই ল’ব।

কেৰাহিত তেল গৰম কৰি পাঁচফোৰণ আৰু তেজপাত দি ফুটাই ল’ব। এতিয়া ইয়াত মিশ্ৰণখিনি ঢালি দিব। ঘনাই লৰাই থাকিব মধ্যম জুইত কিন্তু মন কৰিব যাতে তলত লাগি নধৰে। অলপ সময় ভালদৰে ভাজি লৈ তাত আধা কাপমান পানী ঢালি দিব। এখন ঢাকন লগাই অলপ সময় উতলিবলৈ দিব গোটেইখিনি উতলিব দিব। এতিয়া ইয়াত ভাজি থোৱা মাছ কেইটুকুৰা দি দিয়ক। অলপ সময় পুনৰ উতলাই জুইৰপৰা নমাই থ’ব। তিল আৰু মাছৰ আঞ্জা তৈয়াৰ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply