জুৰীয়া : নগাঁও জিলাৰ লাওঁখোৱা অভয়াৰণ্যত বন কৰ্মীৰ ওপৰত আক্ৰমণ চলালে চোৰাং মাছমৰীয়াই। দেওবাৰে নিশাৰ ভাগত চোৰাং মাছমৰীয়াৰ দল এটাই আক্ৰমণ চলায় লাওঁখোৱা অভয়াৰণ্যৰ বন কৰ্মীৰ ওপৰত। চোৰাং মাছমৰীয়াৰ আক্ৰমণত তিনিজনকৈ বন বিভাগৰ কৰ্মচাৰী আহত হয়।

উল্লেখ্য যে লাওঁখোৱা অভয়াৰণ্যৰ সংৰক্ষিত বিলত একাংশ চোৰাং মাছমৰীয়াই বিভিন্ন সময়ত অবৈধভাৱে মাছ মাৰে। দেওবাৰেও অভয়াৰণ্যখনত চোৰাং মাছমৰীয়া প্ৰৱেশ কৰিছিল আৰু বন বিভাগৰ কৰ্মচাৰীয়ে মাছমৰীয়া সকলক বাধা প্ৰদান কৰোতে মাছমৰীয়াৰ দলটোৱে বন কৰ্মীৰ ওপৰত আক্ৰমণ চলায়।

লগতে পঢ়ক : গুৱাহাটীত অ’লা উবেৰ সলনি আগষ্টৰ পৰা পে-ইন্ডিয়া

চোৰাং মাছমৰীয়াৰ দলটোৰ আক্ৰমণত তিনিজনকৈ বন কর্মী অহাত হয়। আহত বন কর্মী কেইজন হৈছে ক্ৰমে মুনিন দলে, প্ৰণৱজ্যোতি কলিতা আৰু বাবলী কলিতা। আহত তিনিওজন চিকিৎসাধীন হৈ আছে। ইয়াৰ প্ৰণৱ জ্যোতি কলিতা গুৰুত্বৰভাৱে আহত হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply