মানকাচৰ : দেশ স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ উপলক্ষে কেন্দ্ৰীয় চৰকাৰৰ ‘আজাদী কা অমৃত মহোৎসৱ।’ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত ১০৪ জনীয়া ৬ নং বিএন বিএছএফ জোৱানৰ ফিট ইণ্ডিয়া ফ্ৰিডম ৰান

ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হোৱা উপলক্ষে কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা ‘আজাদী কা অমৃত মহোৎসৱৰ’ অংশ হিচাপে মঙলবাৰে দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰৰ ভাৰত-বাংলাদেশ সীমান্তত বিএছএফে ফিট ইণ্ডিয়া ফ্ৰিডম ৰান কাৰ্যসূচী ৰূপায়ন কৰে।

ভাৰত-বাংলাদেশ সীমান্তত নিয়োজিত ৬ নং বিএন বিএছএফে পুৱা ৬.৩০ বজাত মানকাচৰৰ সাহাপাৰা বিএছএফ কেম্পৰ পৰা কাকৰিপাৰা বিএছএফ কেম্পলৈ মুঠ ১০৪ জনীয়া সীমান্ত সুৰক্ষা বাহিনীৰ জোৱান ফিট ইণ্ডিয়া ফ্ৰিডম ৰানত অংশগ্ৰহণ কৰে।

লগতে পঢ়ক : নুমলীগড় তেল শোধনাগাৰৰ “Suoer 30″ৰ ছাত্ৰ ৰ সফলতা

বিএছএফৰ এই ফিট ইণ্ডিয়া ফ্ৰিডম ৰান কাৰ্যসূচীত ৬ নং বিএন বিএছএফৰ কমাণ্ডেণ্ট এম আৰ মিনা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ডিপুটি কমাণ্ডেণ্ট চি ডি মোঘা, সহকাৰী কমাণ্ডেণ্ট ছমছেৰ সিং আৰু ৰাম ধান।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply