নিউজ ডেস্ক : ক’ভিড মহামাৰীৰ যদি কিবা যোগাত্মক দিশ আছে তেন্তে সেয়া হ’ল যে ই আমাক পুনৰ পৰিয়ালৰ কাষলৈ ওভতাই আনিলে। লকডাউনৰ বাবে এতিয়া আমাৰ লগত আমাৰ পৰিয়ালৰ বাহিৰে আন কোনো নাই।
কিন্তু এলেকগে থকাৰ পিছতো আমি হয়তো দিনটোৰ বেছিভাগ সময়েই পৰিয়ালৰ লগত পাৰ কৰাৰ পৰিৱৰ্তে নিজৰ মোবাইল বা লেপটপত পাৰ কৰো।
লকডাউনৰ এই দিনকেইটাত আপুনি যাতে হাঁহি ধেমালীৰে আপোনাৰ পৰিয়ালৰ লগত সময় পাৰ কৰিব পাৰে তাৰ বাবে আমি আপোনালৈ কেইটামান ভাল লগা কামৰ এখন তালিকা লৈ আনিছো।
খেলা-ধূলা কৰক
বিভিন্ন খেলা-ধূলাৰ মাধ্যমেৰে আমি পৰিয়ালৰ লগত ধুনীয়াকৈ সময় পাৰ কৰিব পাৰো। এইদৰে আমি সময়খিনি ভালদৰে পাৰ কৰাৰ লগতে ই আমাৰ মনটোক সতেজ কৰি তোলে। সৰুতে খেলা লুডো, কেৰম, বিংগো, ছিকুৱেন্স আদি খেলি আৱেলিৰ সময়খিনি পাৰ কৰিব পাৰে।
একেলগে চিনেমা চাওক
পৰিয়ালৰ সকলোৱে একেলগে বহি চাব পৰা এখন ভাল মনোৰঞ্জন দিয়া চিনেমা উপভোগ কৰিব পাৰে। লগতে ছবিগৃহৰ দৰে চিনেমাৰ মাজৰ ইণ্টাৰ্ভেলত চাহ, পৰ্পকন আদি যোগাৰ কৰি ইয়াক অধিক উপভোগ্য কৰি তুলিব পাৰে।
একেলগে শৰীৰচৰ্চা কৰক
পৰিয়ালৰ সকলোৱে ভাল স্বাস্থ্যৰ অধিকাৰী হৈ থকাৰ সমান আনন্দৰ কথা আৰু কি হ’ব পাৰে? লকডাউনৰ এই সময়খিনিত নিজৰ লগতে পৰিয়ালৰ সকলো সদস্যৰ স্বাস্থ্যক আটাইতকৈ অধিক গুৰুত্বসহকাৰে লৈ একেলগে শৰীৰচৰ্চা কৰা আৰম্ভ কৰক।
খানা বনোৱাত সহায় কৰি দিয়ক
যি ঘৰত লগে ভাগে খানা বনাই, সেই ঘৰত সকলোৱে একলেগে গ্ৰহণ কৰে আহাৰ। ঘৰৰ মূল ৰান্ধনী গৰাকীক খানা বনোৱাত সহায় কৰি দিয়ক আৰু আনন্দৰে সকলোৱে মিলি আহাৰ গ্ৰহণ কৰক।
ঘৰখন পৰিষ্কাৰ কৰি ৰখাত সহযোগ কৰক
পৰিয়ালৰ সদস্য সকলে মিলি মাজে মাজে ঘৰখন চাফ-চিকুন কৰিব পাৰে। এনেদৰে হাঁহি-স্ফূৰ্টিৰে ঘৰ চাফা কৰা সময়খিনি ভালদৰে পাৰ কৰিব পাৰি।
লগতে পঢ়ক : ১ অক্টোবৰৰ পৰা আৰম্ভ হ’ব মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ নতুন শিক্ষাবৰ্ষ : বিশ্ববিদ্যালয় অনুদান আয়োগ