গুৱাহাটী : পুনৰ মহানগৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছসহ পাঁচ ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ অভিযানত জব্দ হয় ৫০টাকৈ ড্ৰাগছ ভৰ্তি কন্টেইনাৰ। নুনমাটি, পানীখাইতি আৰু চান্দমাৰী আৰক্ষীয়ে অভিযান চলাই এই সাফল্য লাভ কৰে।
এক গোপন সূত্ৰৰ পম খবৰৰ ভিত্তিত নুনমাটি আৰক্ষী থানা, পানীখাইতি আৰক্ষী চকী আৰু চান্দমাৰী আৰক্ষী থানাৰ আৰক্ষীয়ে যুটীয়া অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছসহ পাঁচ ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ দলটোৱে পানীখাইতি, টুনমাটি আৰু চন্দ্ৰমাৰীত অভিযান চলাই ড্ৰাগছ সৰবৰাহকাৰী কেইজনক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়ক : চন্দ্ৰপুৰবাসী ৰাইজৰ দাবী মানিবলৈ বাধ্য হ’ল জিলা প্ৰশাসন
ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে পানীখাইতিৰ অংকুৰ জ্যোতি দাস, কিশোৰ শৰ্মা, নুনমাটিৰ অজিত শইকীয়া, ৰাজীৱ ৰাজবংশী আৰু চন্দ্ৰমাৰীৰ ৰাহুল হুছেইন। সৰবৰাহকাৰীকেইজনে দীৰ্ঘদিন ধৰি মহানগৰীত নিষিদ্ধ ড্ৰাগছৰ ৰমৰমীয়া বেহা চলাই আহিছিল। আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীকেইজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।