শোণিতপুৰৰ বালিপৰাৰ মিটচাপ্লাইত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা।

নিশা প্ৰায় ১ মান বজাত এই দুৰ্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে এখন ছুইফ্ট ডিজায়াৰ বাহন।

জানিব পৰা মতে, বাহনখন বালিপৰাৰ পৰা তেজপুৰ অভিমুখে গৈ থকাৰ সময়তে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। AS 12 R 2115 নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ বাহনে নিয়ন্ৰণ হেৰুৱাই পথৰ খাৱৈত বাগৰি পৰে।

প্ৰাপ্ত তথ্য অনুসৰি, বাহনখনত থকা ৫ যুৱকে থিতাতে মৃত্যুক সাৱতি লব লগা হয়। দুৰ্ঘটনাত মৃত্যু হোৱা যুৱককেইজনৰ নাম ক্ৰমে দীপেন বৰা, বিদ্যুৎ নাথ, আকাশদ্বীপ বৰা, ভাইকণ পটংগীয়া আৰু বিশ্বজিৎ।

নিহত দীপেন বৰাৰ ঘৰ গটঙাত আৰু , বিদ্যুৎ নাথৰ ঘৰ বেছেৰীয়াত বুলি জানিব পৰা গৈছে।

আনহাতে আৰক্ষীয়ে খবৰ পোৱা লগে লগে ঘটনাস্থলীত উপস্থিত হয়। আৰু মৃতদেহকেইটা উদ্ধাৰ কৰে।   

ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply