গোৱালপাৰা : গোৱালপাৰা জিলাৰ বলবলাৰ গধাৰবড়িত ভয়ংকৰ পথ দুৰ্ঘটনা। এই ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত একেটা পৰিয়ালৰ পাঁচজনকৈ লোক। পিতৃ-মাতৃৰ লগতে দুই সন্তান নিহত হয় পথ দুর্ঘটনাটোত।
এক শোকাবহ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰ পাঁচজনকৈ লোকৰ মৃত্যু। গোৱালপাৰা জিলাৰ বলবলাৰ গধাৰবড়িত বৃহস্পতিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই ভয়াৱহ দুৰ্ঘটনা। আগিয়া আৰক্ষী থানাৰ অন্তৰ্গত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ গধাৰবড়িত নিশা প্ৰায় ৮ বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা।
গোৱালপাৰাৰ পৰা কৃষ্ণাই বিদ্যাপাৰাৰ নিজৰ ঘৰলৈ গৈ থকা অৱস্থাত গুৱাহাটীৰ পৰা অভয়পুৰী অভিমুখে আহি থকা এখন তীব্ৰবেগী চাৰিচকীয়া বাহনৰ লগত মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় কৃষ্ণাই বিদ্যাপাৰাৰ আনোৱাৰ আলীৰ দুই শিশুসহ পাঁচজনকৈ লোক।
লগতে পঢ়ক : শিৱসাগৰৰ পৰা ধুবুৰীলৈ দুঃসাহসিক চাইকেল যাত্ৰা দশম শ্ৰেণীৰ ছাত্ৰৰ
শিশু দুটি গোৱালপাৰা অসামৰিক চিকিৎসালয়ত নিহত হোৱাৰ বিপৰীতে তিনিগৰাকী লোক ঘটনাস্থলীতে নিহত হয়। এএছ-০১-ডিইউ-১৪২৬ নম্বৰৰ ইয়ন আৰু এএছ-২৩এম-৬৫০১ নম্বৰৰ ছুইফ বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই শোকাবহ পথ দুর্ঘটনা।