দৰং : এক ভয়ংকৰ পথ দুর্ঘটনা। ট্ৰাক আৰু চুইফট ডিজায়াৰ মাজত মুখামুখি সংঘর্ষ। নিহত ৫ জন। গুৰুত্বৰভাৱে আহত ৩ জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি।
দৰং জিলাৰ দলগাঁৱৰ অন্তৰ্গত বেছিমাৰীত দেওবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। চুইফট ডিজায়াৰ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় ৫ জনকৈ লোক।
বেছিমাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ পথ দুর্ঘটনা। পথ দুৰ্ঘটনাটোত থিতাতে নিহত হয় ফৰিদুল ইছলাম, আজাদ আলী ইব্ৰাহিম আলী, মঞ্জুৱাৰা বেগম আৰু ছানিয়া আখতাৰা।
লগতে পঢ়ক : লখিমপুৰৰ পৰা গুৱাহাটীলৈ চলিব ফ্লাইবিগ সেৱা
নিহত মঞ্জুৱাৰা বেগম আৰু ছানিয়া আখতাৰা মাতৃ-কন্যা। আহত ৰফিকুল ইছলাম, আব্বাজ আলী আৰু আব্দুল আৱালক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।