নলবাৰী : নলবাৰীত চিলনী চোৰৰ সন্ত্ৰাস। আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ নলবাৰীত প্ৰায়ে চিলনী চোৰে চলাইছে সন্ত্ৰাস। ৰাজপথৰ পৰা মহিলাৰ পৰা চিলনী চোৰে কাঢ়ি লৈ গ’ল পাঁচ লাখ টকা ভৰ্তি বেগ।

নলবাৰীৰ মাজদিয়াত সংঘটিত হৈছে এক ডকাইতিকাণ্ডৰ ঘটনা। অলকা কলিতা নামৰ এগৰাকী মহিলাই ষ্টেট বেংকৰ পৰা পাঁচ লাখ টকা উলিয়াই ঘৰলৈ গৈ থকা সময়তে সন্ধিয়া চিলনী চোৰে মহিলা গৰাকীৰ পৰা থপিয়াই নিয়ে টকা ভৰ্তি বেগ।

নলবাৰীৰ মদনমোহন পকোৱাত ঘৰ অলকা কলিতা নামৰ মহিলা গৰাকীৰ। আৰক্ষীত চাকৰি কৰা স্বামীৰ লগত বাইকেৰে গৈ মাজদিয়াৰ এখন দোকানত ৰৈ দিয়া সময়তে চল চাই চিলনী চোৰে মহিলা গৰাকীৰ পৰা কাঢ়ি নিয়ে টকাৰ বেগ। মহিলা গৰাকীক থেলা মাৰি পেলাই টকা ভৰ্তি বেগ লৈ উধাও হয় চিলনী চোৰ।

লগতে পঢ়ক :  চিৰিয়াখানাত জিৰাফৰ মৃত্যু

পালচাৰ বাইকত অহা দুজনীয়া চিলনী চোৰৰ দলে তীব্ৰ বেগেৰে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। নলবাৰী সদৰ থানাত গোচৰ দাখিল কৰিছে মহিলা গৰাকীয়ে।মহিলাৰ গৰাকীৰ স্বামী অসম আৰক্ষীত কৰ্মৰত আৰু সাংসদ নৱ শৰণীয়াৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply