ধুবুৰী : ধুবুৰী জিলাৰ দক্ষিণ শালমাৰাৰ ফকিৰগঞ্জ থানা এলেকাৰ বিৰসিং-ধেদাইমাৰীত মঙলবাৰে দুপৰীয়া দুই বাণ্ডিল মৰাপাট চুৰি হোৱাক কেন্দ্ৰ কৰি দুই কৃষক ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়। কৃষক ফৈদৰ মাজত হোৱা মাৰপিটৰ ঘটনাত উভয় পক্ষৰ মহিলাসহ পাঁচজন লোক আহত হয়।

উল্লেখযোগ্য যে বিৰসিং-ধেদাইমাৰী গাঁৱৰ আব্দুল কাদেৰ সেখ সোমবাৰে নিজৰ খেতিত উৎপাদন কৰা মৰাপাট কাটি বাণ্ডিল সাজি মৰাপাট খেতিৰ মাজত জমা কৰি থয়। মঙলবাৰে দুপৰীয়া প্ৰায় ১২ বজাত কৃষকজনে খেতিত গৈ দুই বাণ্ডিল মৰাপাট চুৰি হোৱা বুলি নিশ্চিত হয়। ফলত খেতিখনৰ কাষতে আছমত আলী নামৰ অন্য এজন কৃষকে নিজৰ ভূমিত মৰাপাট কাটি থকাত কৃষকজনক মৰাপাটৰ বাণ্ডিল দুটা চুৰি কৰা বুলি সন্দেহ কৰে।

ইয়াৰ পিছতে দুই কৃষক ফৈদৰ মাজত মাৰপিট আৰম্ভ হয়। ফলত আছমত আলী গুৰুত্বৰভাৱে আহত হোৱাৰ লগতে উভয় ফৈদৰ পুৰুষ-মহিলাসহ মুঠ পাঁচজনকৈ লোক আহত হয়। আহত ব্যক্তি কেইজন হৈছে ক্ৰমে ধৈদাইমাৰী গাঁৱৰ আছমত আলী, আছমত আলীৰ পত্নী মালা খাতুন, আলেপ আলী, ছাহিদা খাতুন আৰু জোছনা ভানু।

লগতে পঢ়ক :  ৰেডক্ৰছ, অসম ৰাজ্যিক শাখালৈ অত্যাধুনিক এম্বুলেঞ্চ প্ৰদান

ইতিমধ্যে আহত আটাইকেজনক হাস্পাতালত ভৰ্তি কৰাই প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ লগতে উভয় পক্ষৰ পৰা ফকিৰগঞ্জ থানাত এজাহাৰ দাখিল কৰাত ফকিৰগঞ্জ আৰক্ষীয়ে ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। মাত্ৰ দুই বাণ্ডিল মৰাপাট চুৰি হোৱাক লৈ এইদৰে দুই ফৈদৰ মাজত মাৰপিটত হৈ পুৰুষ-মহিলাসহ পাঁচজনকৈ লোক আহত হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply