জ্বলি উঠা ট্ৰাক

হাফলং গুৰুমুখ সিং: আজি নিশা ৮.৩০ বজাৰ পৰা ৯ বজাৰ ভিতৰত সন্দেহ যুক্ত ডিমাছা উগ্ৰপন্থী DNLA দ্বাৰা এখন কয়লা ভৰ্তি গাড়ী চালক আৰু হেন্দিমেনৰ সৈতে জ্বলাই দিয়াৰ লগতে ডালমিয়া চিমেন্টৰ গাড়ী ৫খন জ্বলাই দিয়ে ।

প্ৰথমে উগ্ৰপন্থী দলটোৱে গুলি ফুটাই গাড়ীত অগ্নিসংযোগ কৰে ।হাফলং তিনি আলি ৰ ডিয়ুংমুখত এই ঘটনা সংঘটিত হয় ।

ট্ৰাকত থকা ড্ৰাইভাৰ হেন্ডিমেনৰ ভিতৰত পাঁচজনৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ।
ট্ৰাক কেইখনত অগ্নিসংযোগ কৰাৰ আগতে উগ্ৰপন্থী দলটোৱে গুলীয়াইছে বুলি স্থানীয় সুত্ৰত প্ৰকাশ ।

ডিমাহাছাওৰ ডিয়ুংমুখত হয় এই ঘটনা। এজন মৃত ব্যক্তিৰ নাম গৌড় মজুমদাৰ বুলি জানিব পৰা গৈছে |

লংকা আৰু উমৰাংচু পথত এই ঘটনা সংঘটিত হয় ।

পাবৰ্ত্য জিলা হাফলংত ডিমাচা উগ্ৰপন্থীৰ দ্বাৰা এই লোমৰ্হষক কান্ড সংঘটিত হৈছে বুলি প্ৰাৰম্ভিক সুত্ৰত প্ৰকাশ ৷ বৃহস্পতিবাৰে নিশা ভাগত ডালমিয়া চিমেণ্ট কোম্পানীৰ কিকাৰ বোজাই অনা ৪খনকৈ ট্ৰাকত আৰু এখন কয়লা বোজাই ট্ৰাক সন্দেহযুক্ত DNLA উগ্ৰপন্থীয়ে অৰ্তকিতে চলোৱা গুলীচালনা কৰে৷

পিছত ট্ৰাককেইখন আগুচি ধৰি অগ্নিসংযোগ কৰি জ্বলাই দিয়ে৷দাউ দাওকৈ জ্বলি উঠা ট্ৰাক কেইখনৰ চালক আৰু হেন্দিমেন গুৰুতৰভাৱে অগ্নিদগ্ধ হয়৷ এই ঘটনা সংঘটিত হয় ডিমাচা জিলাৰ হাফলং তিনিআলি দিয়ুংমুখত৷

ট্ৰাককেইখনত অগ্নিসংযোগ কৰি ডিমাচা উগ্ৰপন্থী দলটো নিৰাপদে পলায়ন কৰে৷ইতিমধ্যে ঘটনাথলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ অভিযান আৰম্ভ কৰে৷ লোমহৰ্ষক ঘটনাক লৈ সমগ্ৰ হাফলংত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক লখিমপুৰত ডকাইতক লক্ষ্য কৰি আৰক্ষীৰ গুলী চালনা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply