নিউজ ডেস্ক: হাফলঙৰ ঘটনাক লৈ বহুতো বিস্ফোৰক খবৰ শেহতীয়াকৈ পোহৰলৈ আহিছে । প্ৰতক্ষ্যদৰ্শী গাড়ীচালকে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰা মতে , ঘটনাৰ আগতীয়া তথ্য পোৱাৰ পিছতো ব্যৱস্থা নোলোৱা বাবে দিয়ুংমুখৰ ঘটনা সংগঠিত হয় ।
নিশা ৮.৩০ বজাত ঘটনা সংগঠিত হোৱাৰ আধা ঘণ্টা আগতেই উগ্ৰপন্থীৰ উপস্থিতিৰ তথ্য আৰক্ষীক জনাইছিল সেই পথেৰে অহা যোৱা কৰা গাড়ী চালকে । নৰসংহাৰ চলাবলৈ অহা উগ্ৰপন্থীয়ে ভেটি ৰাখিব পৰা নাছিল প্ৰথমখন ট্ৰাকখন ।
ইয়াৰ পিছতে মিছবা নামৰ ট্ৰাকচালকজনে পলায়ন কৰি দিয়ুংমুখ থানাক সমষ্ট ঘটনা অৱগত কৰিছিল । চালকজনে আৰক্ষীক জনাইছিল বন্দুকধাৰী ডকাইত অহা বুলি ।
বহু সময়ধৰি আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাত চালকজনে বহু ট্ৰাক চালকক সেই পথেৰে আহিবলৈ মানা কৰিছিল । পিছৰ পৰ্যায়ত সেই বন্দুকধাৰীক কবলত পৰে পাঁচখনকৈ ট্ৰাক ।
ধাৰাসাৰ গুলীচালনাত পাঁচজনকৈ গাড়ীৰ চালক কৰ্মচাৰী নিহত হোৱাৰ লগতে এজন গুলীবৃদ্ধ লোক এতিয়া
চিকিৎসাধীন হৈ আছে ।
এই ঘটনাত নিহত হোৱা সকলৰ ভিতৰত চিনাক্ত হোৱাসকল হল দিলোৱাৰ হুছেইন, চিকন্ডৰ আলি, গৌৰী মজুমদাৰ আৰু আছকৰ আলি | গুৰুত্বৰ ভাবে আহত প্ৰনব সিনহা আৰু ফাৰুক আহমেদক গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে
বন্দুকধাৰী দলটোৱে ট্ৰাকসমূহ জ্বলাই দিয়াৰ বহুসময়ৰ পিছতহে ঘটনাস্থলীত আৰক্ষীৰ লোক আহি উপস্থিত হয় । সকলো শেষ হৈ যোৱাৰ পিছতহে অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি গাড়ীসমূহৰ জুই নিৰ্বাপন কৰে ।
ড্ৰাইভাৰ এগৰাকীয়ে দিয়া ঘটনাৰ বিবৰণি মতে আৰক্ষীয়ে সময়ত কোনো ব্যৱস্থা নোলোৱাৰ বাবেই এই ভয়ংকৰ ঘটনা সংঘটিত হ’বলৈ পালে ।
হাফলঙৰ আৰক্ষী অধীক্ষক গৰাকীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি অধ্যয়ন কৰিছে যদিও কোনো ব্যক্তিকে এতিয়ালৈকে ঘটনাৰ সন্দৰ্ভত আটক কৰিব পৰা নাই বুলি জানিবলৈ দিয়ে ।
উমৰাংছুত থকা ডালমিয়া চিমেন্টৰ গাড়ী সমূহ লংকা দিশলৈ আহি থকা অবস্থাত উগ্ৰপন্থীৰ আক্ৰমনৰ লক্ষ্য হৈ পৰা ঘটনাৰ পিছত ট্ৰাকৰ ভিতৰতেই আবদ্ধ হৈ মৃত্যু হয় চালকসকল ।
পূৰ্বৰে পৰা ডালমিয়া চিমেন্টক ধনদাবী কৰি অহা বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়ক হাফলঙৰ ডিয়ুংমুখত সন্দেহ যুক্ত DNLA উগ্ৰপন্থীয়ে জ্বলালে পাঁচ খন ট্ৰাক