বকোত আৰক্ষীয়ে জব্দ কৰে অবৈধভাৱে কয়লা সৰবৰাহ কৰা ৫ খন কয়লা ভৰ্তি ট্ৰাক। এই ঘটনাৰ সৈতে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় জব্দকৃত ট্ৰাক কেইখনৰ চালক আৰু হেণ্ডিমেনসহ ৯ জন লোকক ৷ মেঘালয়ৰ পৰা ছয়গাঁৱৰ উকিয়াম হৈ কয়লা সৰবৰাহ কৰা সময়তে জব্দ কৰে ট্ৰাক কেইখন ৷
ছয়গাঁৱৰ উকিয়াম হৈ মেঘালয়ৰ পৰা অবৈধভাৱে কয়লা সৰবৰাহ কৰিছিল এই ৫ খন ট্ৰাকে ৷ জব্দকৰা ট্ৰাক কেইখনৰ নম্বৰ হৈছে AS25 FC 0102, AS01 EC 6316, AS01 C 8811, AS12 E 6919 আৰু AS25 AC 0848 ।

উল্লেখ্য যে, মেঘালয়ৰ পৰা বকোৰ হাহিম পথৰে কয়লা সৰবৰাহ বন্ধ হৈ থকাৰ সুযোগ লৈ একাংশ অসাধু কয়লা ব্যৱসায়ীয়ে আন পথৰে চোৰাংভাৱে কয়লা সৰবৰাহৰ ৰমৰমীয়া বেহা চলাই গৈছিল ।

বকো আৰক্ষীয়ে আটক কৰা ট্ৰাক চালক আৰু হেণ্ডিমেনসহ ৯ জনক সোধপোছা অব্যাহত ৰাখিছে ৷ বৰ্তমান আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply