গোৱালপাৰা : পুখুৰীৰত পৰিল পাঁচটা বনৰীয়া হাতী। গোৱালপাৰাত বনাঞ্চলত পৰা ওলাই অহা পাঁচটা বনৰীয়া হাতী পৰিল পুখুৰীত। নিশাৰ ভাগৰ পৰাই বনৰীয়া হাতী কেইটা পুখুৰীত আৱদ্ধ হৈ আছে।
গোৱালপাৰা জিলাত চৌবাৰীত পুখুৰীত আৱদ্ধ পাঁচটাকৈ বনৰীয়া হাতী। নিশা খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতী পাঁচটা চৌবাৰীত পুখুৰীত পৰি আৱদ্ধ হৈ পৰে।
জানিব পৰা মতে অঞ্চলটোত এটা বৃহৎ বনৰীয়া হাতীৰ জাক বিগত কিছুদিন ধৰি বিচৰণ কৰি আছে। হাতীৰ জাকটোৰ পৰা পাঁচটা হাতী নিশা পুখুৰীত পৰি যায়। পাঁচটা হাতীৰ ভিতৰত দুটা পোৱালি হাতী থকা বুলিও জানিব পৰা গৈছে।
লগতে পঢ়ক : প্ৰাক্তন পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে দৰিদ্ৰ মহিলাৰ ভূমি দখলৰ অভিযোগ
খাদ্যৰ সন্ধানত ওলাই অহা হাতী পাঁচটা নিশা প্ৰায় ১২ বজাত পুখুৰীত পৰে। স্থানীয় ৰাইজে নিশাই বন বিভাগক খবৰ দিছিল যদিও বন বিভাগৰ লোক পুৱাৰ ভাগত ঘটনাস্থলীত উপস্থিত হয় বুলি ৰাইজে অভিযোগ কৰিছে।