মানকাচৰ : বাংলাদেশৰ দুই নাগৰিকক শাস্তি প্ৰদান দক্ষিণ শালমৰা-মানকাচৰ জিলা আৰু সত্ৰ ন্যায়িক আদালতৰ। অবৈধভাৱে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত বাংলাদেশৰ নাগৰিক দুজনক পাঁচ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টাকৈ জৰিমনা। জৰিমনা নিদিলে অতিৰিক্ত ৬ মাহৰ কাৰাদণ্ড।

বৃহস্পতিবাৰে দক্ষিণ শালমৰা-মানকাচৰ জিলা আৰু সত্ৰ ন্যায়িক আদালতে বাংলাদেশৰ দুজন নাগৰিকক শাস্তি প্ৰদান কৰে। ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰাৰ অপৰাধত আদলতে নিৰঞ্জন ঘোষ আৰু আব্দুল হাই মণ্ডল নামৰ দুজন বাংলাদেশৰ নাগৰিকক পাঁচ বছৰৰ কাৰাদণ্ডৰ বিহিছে।

লগতে পঢ়ক –  দহবছৰত ভৰি থ’লে টেলিভিছনৰ জনপ্ৰিয় ধাৰাবাহিক ‘বেহাৰবাৰী আউটপ’ষ্ট’এ

আদালতে বাংলাদেশৰ নাগৰিক দুজনক ১০ হাজাৰ টকাকৈ জৰিমনাও বিহিছে। জৰিমনা দিব নোৱাৰিলে বাংলাদেশৰ নাগৰিক দুজন অতিৰিক্ত ৬ মাহ কাৰাগাৰত থাকিব লাগিব বুলিও আদালতে ৰায়দান প্ৰদান কৰে। বাংলাদেশৰ জামালপুৰ জিলাৰ ৰঞ্জিত ঘোষৰ পুত্ৰ নিৰঞ্জন ঘোষ ২০২১ চনৰ ২৫ মে’ মাহত আৰু বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ আফছাৰ আলী মণ্ডলৰ পুত্ৰ আব্দুল হাই মণ্ডলক ২০২১ চনৰ ৬ মাৰ্চত আৰক্ষীয়ে আটক কৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply