ডিফু: ডিফু নগৰৰ পৰা ১৬ কিলোমিটাৰ নিলগৰ মাঞ্জা থানাৰ অন্তৰ্গত হিদিম টেৰণ মডেল ভিলেজত এক নৃসংশ ঘটনা সংঘটিত হৈছে। মাঞ্জা থানৰ পৰা প্ৰায় ৫ কিলোমিটাৰ আঁতৰত থকা চন্দ্ৰ তিমুঙৰ ৰবৰ বাগানত এই নৃসংশ কাণ্ড সংঘটিত হয়।
ঘটনাৰ বিবৰণী মতে গাৱৰেই এখন বিয়াতেই ঘটনাৰ সুত্ৰপাত হৈছিল। বিয়া ঘৰত এজন যুৱকে বিড়িৰ বিছাৰিছিল হিদিম টেৰণ গাও মণিপুৰি বস্তি নিবাসী মণিধন মেইটে নামৰ লোকজনক। ইয়াকে লৈ লোকজনে যুবক কেইজনক গালী পৰাৰ লগতে জংগল ছিং গৌড়ে নামৰ যুবক জনক বিড়ি খোজাৰ বাবে চৰ এটা মাৰে। ইয়াকে লৈ যুবক কেইজন মান ক্ষোভিত হৈ পৰে। ইয়াৰ পিছত বিয়া ঘৰৰ পৰা দিদিম তেৰণ মডেল গাৱৰ চন্দ্ৰ তিমুঙৰ ৰাবাৰ বাগানত মাতি নি মণিধন মেইটক মৰিয়াই হত্যা কৰে ।
আৰক্ষীয়ে এই ঘটনাৰ সৈতে জড়িত পাঁচজন অভিযুক্ত গ্ৰেপ্তাৰ কৰিছে। সেই কেইজন হ’ল সঞ্জীব টেৰণ(পিতা- জোনা ছিং টেৰণ)২৫- হিদিম টেৰণ গাও, সন্তোষ ছিং তাৰো(২০ পিতা -মহেন তাৰো) চানেট বে গাও, চলিদ ইংতি(পিতা-বৰছিং ইংতি ,হিদিম তেৰণ গাও), পুতলি গৌড়(জংগল ছিং গৌড়, সুনু গৌড়, হিদিম টেৰণ গাও) আৰু এজন নাবালক।
আৰক্ষীয়ে খবৰ লাভ কৰি মৃতদেহ উদ্ধাৰ কৰি মৰোণোওৰ পৰীক্ষাৰ বাবে ডি এম চিলৈ প্ৰেৰণ কৰে । আটকাধীন যুৱক কেইজনৰ বিৰুদ্ধে মাঞ্জা থানাত ভাৰতীয় দণ্ড বিধি আইনৰ ৩০২ ধাৰাত ০৬/২২ নম্বৰত গোচৰ ৰুজু কৰিছে ।
লগতে পঢ়ক- মাৰ্ঘেৰিটাত আৰক্ষীৰ অভিযানত ৫ হাজাৰ লিটাৰ চোৰাং ডিজেল-পেট্ৰল জব্দ