নিউজ ডেস্কঃ ৰাজহ বৃদ্ধিৰ স্বাৰ্থত এইবাৰ অসম বিদ্যুৎ নিয়ামক আয়োগে বৃদ্ধি কৰিছে প্রতি কিলোৱাট/ কেভিত বিদ্যুৎ মাচুলৰ ফিক্সড চার্জ। এতিয়াৰ পৰা ৰাজ্যৰ বিদ্যুৎ গ্ৰাহকে প্রতি মাহে প্রতি কিলোৱাট/ কেভিত ফিক্সড চার্জ হিচাপে অতিৰিক্ত ১০ টকাকৈ দিব লাগিব।
APDCL ৰ এক আবেদনৰ ভিত্তিত বিদ্যুৎ নিয়ামক আয়োগে এই ফিক্সড চার্জ বৃদ্ধিৰ অনুমোদন জনাই। জানিব পৰা অনুসৰি, APDCL য়ে ফিক্সড চার্জ বৃদ্ধিৰ বাবে ১৫ ৰ পৰা ৭৫ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দিছিল।
অসম বিদ্যুৎ নিয়ামক আয়োগে প্ৰকাশ কৰা জাননী অনুসৰি, APGCL, AEGCL আৰু APDCL ত এই নতুন বিদ্যুৎ নিধি ১ এপ্ৰিলৰ পৰা কাৰ্যকাৰী হোৱাকৈ সংশোধন কৰে।
ইফালে, APDCL য়ে প্ৰতি ইউনিটত মাহে ১ ৰ পৰা ৩ টকা পৰ্যন্ত মাচুল বৃদ্ধিৰ প্ৰস্তাৱ দিছিল। কিন্তু অসম বিদ্যুৎ নিয়ামক আয়োগে এই বিদ্যুৎ মাচুল বৃদ্ধিৰ আবেদনৰ প্ৰস্তাৱ নাকচ কৰে।
ইয়াৰ পৰিৱৰ্তে অসম বিদ্যুৎ নিয়ামক আয়োগে ২০২২-২৩ বৰ্ষৰ তুলনাত ১.২% বিদ্যুৎ মাচুল হ্ৰাসৰহে অনুমোদন জনাই। যাৰ বাবে সকলো শ্ৰেণীৰ এনাৰ্জী চাৰ্জৰ বাবে প্ৰতি ইউনিটত ১০ ৰ পৰা ২০ পইচা পৰ্যন্ত হ্ৰাস পাইছে।
উল্লেখযোগ্য যে, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ কাৰণে গড় যোগানৰ মূল্য হিচাপত প্ৰতি ইউনিটত ৮.০২ ৰ পৰা ৭.৯৪ টকালৈ হ’ব, অসম বিদ্যুৎ নিয়ামক আয়োগৰ অনুমোদন অনুসৰি। কিন্তু APDCL য়ে প্ৰতি ইউনিটত গড় যোগানৰ মূল্য হিচাপে ৯.৫২ টকালৈ বৃদ্ধিৰ আবেদন প্ৰস্তাৱ দিছিল। ২০২২-২৩ বৰ্ষত গড় যোগানৰ মূল্য হিচাপে প্ৰতি ইউনিটতৰ মূল্য আছিল ৮.১৪ টকা।
লগতে পঢ়ক – নতুন বিমান ক্ৰয়ৰ বাবে ১৪ হাজাৰ কোটি টকা ঋণ সংগ্ৰহ এয়াৰ ইণ্ডিয়াৰ