শুক্ৰবাৰে অসম ভ্ৰমণলৈ অহা দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ‘মাউণ্ট কাঞ্চনজংঘা অভিযান – ২০২৩’ৰ ফ্লেগ অফ কৰি অভিযানটোৰ শুভাৰম্ভ কৰে। অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচ্ এক্স আৰু অভিযানৰ পতাকা অৰ্পণ কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে৷

অসমৰ পৰা কাঞ্চনজংঘা অভিযানৰ দৰে বৃহৎ অভিযানৰ পৰিকল্পনা কৰাৰ বাবে আনন্দ প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে অভিযানটোৰ সফলতাৰ বাবে শুভেচ্ছা আৰু আশীৰ্বাদ প্ৰদান কৰে। অনুষ্ঠানটোত অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰপতি সচিবালয়ৰ বহুসংখ্যক বিষয়া, অসম পৰ্বতাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

অভিযানৰ মুখ্য আহ্বায়ক সত্যেন শৰ্মাই ৰাষ্ট্ৰপতিগৰাকীৰ হাতত অভিযানৰ স্মাৰক প্ৰদান কৰে। আনহাতে অভিযান উপলক্ষে প্ৰকাশ কৰা স্মৰণিকা ৰাষ্ট্ৰপতিগৰাকীৰ হাতত তুলি দিয়ে অসম পৰ্বতাৰোহণ সন্থাৰ সভাপতি ডাঃ দেৱেন্দ্ৰ নাথ মহন্তই৷ উল্লেখযোগ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এইটোৱেই প্ৰথম এককভাৱে আয়োজন কৰা মাউণ্ট কাঞ্চনজংঘাৰ বৃহৎ অভিযান৷

২০১৫ বৰ্ষত নেপালত সংঘটিত প্ৰলয়ংকৰী ভূমিকম্পৰ বাবে পৰ্বাতাৰোহণ সকল তাৰপৰা ঘূৰি আহিবলৈ বাধ্য হয়। তাৰপাছতে ২০১৬ বৰ্ষত অসম পৰ্বাতাৰোহণ সন্থাই এককভাৱে মাউণ্ট এভাৰেষ্ট (৮৮৪৮ মিটাৰ) অভিযান সফলতাৰে সম্পূৰ্ণ কৰিছিল৷ ২০২০ বৰ্ষত সন্থাই চীনৰ দিশেৰে (উত্তৰ দিশত) পুনৰ এভাৰেষ্ট অভিযানৰ পৰিকল্পনা কৰিছিল যদিও ক’ভিড পৰিস্থিতিৰ বাবে চীনৰ চৰকাৰে এই অভিযানত বাধা আৰোপ কৰে৷ তাৰ পিছতে সন্থাই এভাৰেষ্ট অভিযানৰ পৰিকল্পনা ত্যাগ কৰি বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ কাঞ্চনজংঘা (৮৫৮৬ মিটাৰ) অভিযানৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

উত্তৰ-পূৰ্বাঞ্চলৰ পৰা প্ৰথমটো বৃহৎ প্ৰচেষ্টা হিচাপে পৰিগণিত হোৱা এই অভিযানৰ সম্পূৰ্ণ ব্যয় ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ জৰিয়তে অসম চৰকাৰে বহন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply