নিউজ ডেস্কঃ এতিয়াৰে পৰা সৰ্বাধিক ৪ হাজাৰ টকা দিলেই বিমান যাত্ৰা কৰিব পাৰিব সকলো যাত্ৰীয়ে। আজি অসম চৰকাৰৰ অধীনত গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী- শিলচৰ-গুৱাহাটীৰ মাজত বিমান সংযোগ আৰম্ভ কৰা হ’ল।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত অসমৰ বিমান সংযোগৰ ক্ষেত্ৰখনত এক বৃহৎ সংযোজন ঘটাই অসম পৰ্যটন উন্নয়ন নিগম আৰু ফ্লাইবিগৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। নিগমৰ মাননীয় সঞ্চালকপ্ৰধান কুমাৰ পদ্মপাণি বৰা আৰু ফ্লাইবিগৰ মাননীয় সঞ্চালক সঞ্জয় নটৱৰলাল মাণ্ডাভিয়াৰ মাজত স্বাক্ষৰিত এই বুজাবুজিৰ চুক্তিয়ে অনা-উড়ান পথৰ অধীনত বিমান সংযোগৰ বাবে নতুন দিশৰ সৃষ্টি কৰে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বক্তব্য প্ৰদান কৰি কয় যে, এতিয়াৰ পৰা যাত্ৰীয়ে সৰ্বাধিক ৪ হাজাৰ টকাত গুৱাহাটী-ডিব্ৰুগড়-গুৱাহাটী আৰু গুৱাহাটী- শিলচৰ-গুৱাহাটীৰ মাজত বিমান যাত্ৰা কৰিব পাৰিব। এতিয়া সপ্তাহৰ প্ৰতিটো দিনতেই গুৱাহাটীৰ পৰা ডিব্ৰুগড় আৰু শিলচৰলৈ একোখনকৈ বিমান চলাচল কৰিব।
লগতে, মুখ্যমন্ত্ৰী কয় যে, যদি ৫০% শতাংশতকৈ কম যাত্ৰীয়ে যায় তেতিয়া হ’লে বাকী অংশৰ টিকতৰ মূল্য ৰাজ্য চৰকাৰে ফ্লাইবিগক দিব। অৰ্থাৎ কোনো এটা যাত্ৰাত যদি ৩০% যাত্ৰী বিমান যাত্ৰা কৰে তেতিয়া হ’লে বাকী 20% শতাংশ যাত্ৰীৰ টিকতৰ মূল্য ৰাজ্য চৰকাৰে ফ্লাইবিগক পৰিশোধ কৰিব।
যাৰ বাবে মুখ্যমন্ত্ৰী জনে বিমান ব্যৱহাৰ কৰা যাত্ৰী সকলক ফ্লাইবিগৰ জৰিয়তে যাত্ৰা কৰিবলৈ আহ্বান জনাই।
লগতে এতিয়াৰ পৰা চৰকাৰে ৰাজ্যখনৰ ভিতৰত চলাচল কৰা সকলো বিমানৰ বিপৰীতে ১% কৈ ভেট কৰ গ্ৰহণ কৰিব বুলি শৰ্মাই জানিবলৈ দিয়ে।
ফ্লাই বিগে বৰ্তমান উত্তৰ পূৱত ইতিমধ্যে বিমান সেৱা আগবঢ়াই আছে। পৰৱৰ্তী পৰ্যায়ত তেজপুৰ, লক্ষীমপুৰ, যোৰহাট বিমান বন্দৰটো এনে ব্যৱস্থা কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলি হিমন্ত বিশ্ব শৰ্মাই কয়।
উল্লেখযোগ্য যে, অনুষ্ঠানত কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, অসম পৰ্যটন উন্নয়ন নিগমৰ মাননীয় উপাধ্যক্ষ দিলীপ দাস, পৰ্যটন বিভাগৰ মাননীয় অতিৰিক্ত মুখ্য সচিব শ্মনিন্দৰ সিং, মুখ্যমন্ত্ৰীৰ মাননীয় প্ৰধান সচিব সমীৰ কুমাৰ সিনহা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল।
লগতে পঢ়ক – ৰাহুল গান্ধীয়ে ক্ষমা বিচাৰিব লাগিছিলঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা