গোৰেশ্বৰঃ তামুলপুৰ জিলাৰ গোৰেশ্বৰৰ বানবিধ্বস্থ ৰাইজে এতিয়া শৰণ লৈছে কেৱল ঈশ্বৰৰ ওচৰত। গোৰেশ্বৰ ৰাজহ চক্ৰ খৈৰাবাৰী নাটকুছিৰ বানপীড়িতই জলদেৱতাক সন্তুষ্ট কৰিবলৈ শুক্লাই নৈৰ পাৰত আয়োজন কৰিছে নাম-প্ৰসংগৰ।
এইবাৰ প্ৰলয়ংকাৰী বানত মাদলবাৰী, খৈৰাবাৰীৰ লগতে নাটকুছি চুবুৰীৰ বহু পৰিয়াৰ কৃষি ভূমিকে ধৰি ঘৰ-দুৱাৰ লগতে সা-সম্পত্তি বিনষ্ট হৈছিল। অঞ্চলটোৰ শ-শ বিঘা কৃষি ভূমি এতিয়াও বালিৰ তলত। খৈৰাবাৰী-মাদলবাৰীত বানপানীয়ে তাণ্ডৱ সৃষ্টি কৰাৰ পিছত স্থানীয় জনপ্ৰতিনিধি ইএম ৰনেন্দ্ৰ নাৰ্জাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা আনকি বিটিআৰ প্ৰধান প্ৰমোদ বড়োই অঞ্চলটো পৰিদৰ্শন কৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে যদিও শংকামুক্ত হ’ব পৰা নাই ৰাইজ। ইপিনে বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ভগ্নস্থানত নৈৰ গতি ৰোধৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।
মঙলবাৰে শুক্লাই নৈৰ পাৰত কলৰ নাও তথা ভেল সাজি নৈবদ্য আগবঢ়াই শুক্লাই নৈ লৈ ভোগ আগবঢ়াই প্ৰৰ্থনা কৰে বানপীড়িত ৰাইজে। এতিয়া যে ঈশ্বৰে শেষ ভৰসা গোৰেশ্বৰৰ বানপীড়িতৰ।