টীয়ক: টীয়ক ৰাজহ চক্ৰৰ অধীনৰ গাথিখোৱা পঞ্চায়তৰ টঙানী ৱাৰ্ডত বলমাৰ পুঠী নদীত নিৰ্মিত ৰিং বান্ধ ভাঙি যোৱাৰ ফলত কেইবাখনো ৰাজহ গাঁৱৰ লগতে কৃষিভূমি প্লাবিত হৈ পৰাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে।
প্ৰতিবছৰে উক্ত অঞ্চলৰ ৰিং বান্ধটো গাথিখোৱা পঞ্চায়তৰ নূন্যতম পুঁজিৰে মেৰামতি কৰাৰ বাবে উপযুক্ত হৈ নুঠাৰ ফলত বাঢ়নি পানীয়ে ভাঙি নিয়ে বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে।
পঞ্চায়তে ৰিং বান্ধ নিৰ্মানৰ নামত দায়সৰা কাম বছৰি কৰি অহাৰ ফলতেই এইদৰে বান্ধটো বছৰি ভাঙি অঞ্চলটোৰ খেতিপথাৰত বিস্তৰ ক্ষতিসাধন হৈ আহিছে ।
স্থানীয় ৰাইজে জলসম্পদ বিভাগক উক্ত ৰিংবান্ধটো কটকটীয়াকৈ মেৰামতি কৰিবলৈ আহ্বান জনায়।তদুপৰি গাঁৱৰ ৰাইজৰ অভিযোগ অনুসৰি ৰিং বান্ধৰ তলেদি পানী যোৱাৰ বাবে গাঁৱৰে এগৰাকী ব্যক্তি টংকেশ্বৰ ফুকনে খান্দি দিয়াৰ ফলত পানী সোমাই বান্ধটোৰ এটা অংশ পুঠী নদীয়ে চিঙি পেলায়।
উক্ত ব্যক্তিৰ ওপৰত উপযুক্ত তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে।
লগতে পঢ়ক এইবাৰ ড্ৰাগছ দাহন কৰিলে সোণাৰিত