মৰিগাঁও : মৰিগাঁও জিলাৰ ভূৰাগাঁৱৰ বালিডোংগাত লুইতৰ গৰাখহনীয়াৰ বিধ্বংসী তাণ্ডৱ।যোৱা এসপ্তাহ ধৰি এই অঞ্চলত গৰাখহনীয়া অধিক ভয়াৱহ ৰূপ ধাৰণ কৰি কেবাটাও পৰিয়ালক গৃহহীন কৰিছে।ইয়াৰ উপৰি গৰাখহনীয়াত যিকোনো মহুৰ্তত জাহ যোৱাৰ উপক্ৰম হৈছে মছজিদ আৰু ছোৱাহী মাদ্ৰাছা ।
আনকি এইদৰে গৰাখহনীয়াৰ ভয়াৱহ ৰূপ অব্যাহত থাকিলে দুই এদিনৰ ভিতৰত জাহ যাব পাৰে পুৰণি মথাউৰি আৰু শতাধিক পৰিয়াল। গৰাখহনীয়াৰ প্ৰকোপ বৃদ্ধি পোৱাত একাংশ নৈ পৰীয়া লোকে নিৰাপদ স্হানত ঢাপলি মেলা পৰিলক্ষিত হৈছে।
লুইতৰ ভয়াৱহ গৰাখহনীয়া অস্থায়ী প্ৰতিৰোধৰ বাবে জিলা জল সম্পদ বিভাগে বাঁহৰ জেঙেৰে খহনীয়া ৰোধৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে ।বিশাল ব্ৰহ্মপুত্ৰ গৰাখহনীয়াক বাহেঁৰে প্ৰতিৰোধ কৰিব বিছৰা ঘটনাক নৈ পৰীয়া ৰাইজে জিলা জল সম্পদ বিভাগৰ ই এক প্ৰতিৰোধৰ নামত ভেকোভাওনা বুলিহে অভিযোগ তুলিছে। এনেক্ষেত্ৰত বাহেঁৰে গৰাখহনীয়াৰ অস্হায়ী প্ৰতিৰোধত জল সম্পদ বিভাগ কিমান সফল হয় সেয়া সময়েহে কব।
ইফালে বুধবাৰে ভূৰাগাঁও থানাৰ অন্তৰ্গত বৰডোবাটুপত এটি ৬ বছৰীয়া কণমানি শিশু বাঢ়নী পানীত পৰি মৃত্যু হয়। মৃত শিশু টি ইয়াৰ বৰডোবাটুপৰ হৰিলাল মালাহৰ পুত্ৰ অৰ্জুন মালাহ বুলি জানিব পৰা গৈছে। শিশুটিৰ মৃতদেহ ৰাইজে উদ্ধাৰ কৰাৰ পাছত ভূৰাগাঁও আৰক্ষীয়ে মৰনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে ।

আনহাতে মায়ঙৰ বৰদিয়াত বানত ডুবি এটি কন্যা শিশুৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰা হৈছে । নিহত শিশুটো জীতেন লহকৰৰ কন্যা ৯ বছৰীয়া জোনমণি লহকৰ। ঘৰৰ পিচফালে যাওতেই পানীত ডুবি কন্যা শিশুটোৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ সুত্ৰে প্ৰকাশ কৰিছে ।
প্ৰণিধান যোগ্য যে এইটো বানত ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰুৱা, বৰালিমাৰী আদি অঞ্চলৰো বিস্তৰ ক্ষতি হৈছে। বৰ্তমান বৰালিমাৰী অঞ্চলৰ বহু বাট পথ বুৰ যোৱা লগতে ভূৰাগাঁও মৰিগাঁও গড়কাপ্তানী পথৰ ওপৰেদি থায়ে থায়ে পানী বাগৰিছে।
ভূৰাগাঁও নগাঁও গড়কাপ্তানী পথটোৰ এটি অংশ বিচ্ছিন্ন হোৱাত যাতায়ত ব্যাহত হৈছে। সোনডোবা বৰালিমাৰী সংযোগী পথৰ এখন আৰ চি চি দলঙৰ দুয়োটা মুৰৰ পথ চোৱা বিচ্ছিন্ন হোৱাৰ উপক্ৰম হৈছে যদিও ৰাইজে দলং খন ৰক্ষা কৰিবৰ বাবে শ্ৰমদান কৰি বাহৰ জেং আদিৰে দলং খন বিচ্ছিন্ন হোৱাৰ পৰা ৰক্ষা পৰিবৰ বাবে যৎপৰোনাস্তি চেষ্টা কৰিছে যদিও মৰিগাঁও জিলা লোক নিৰ্মান বিভাগে কোনো খবৰ নোলোৱাৰ অভিযোগ উঠিছে।
আনহাতে পবিতৰা অভয়াৰণ্যৰ পানী কিছু কমিছে যদিও প্ৰায় ৭০ শতাংশ অঞ্চল এতিয়াও পানীৰ তলতে আছে। বন্যজীৱ জন্তু বোৰ ওখ ঠাইতে আশ্ৰয় লৈ আছে।
লগতে পঢ়ক ড্ৰাগছৰ বাবে অসমত ভয়াবহভাৱে বৃদ্ধি পাইছে এইচ আই ভি আক্রান্তৰ সংখ্যা