গুৱাহাটীঃ অসমত কিছু সুস্থিৰ হৈছে বান পৰিস্থিতি। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি, সোমবাৰে অসমত বানাক্ৰান্ত লোকৰ সংখ্যা ১৮.৩৫ লাখৰ পৰা ১৪ লাখলৈ হ্ৰাস পাইছে। আনহাতে কাছাৰ জিলাত বানত এজন লোকৰ মৃত্যু হৈছে আৰু সন্ধানহীন হৈ আছে এজন। অসমত বানত মৃত্যুৰ সংখ্যা ১৮০ জনলৈ বৃদ্ধি পাইছে।
বৰপেটা,বিশ্বনাথ, কাছাৰ,দৰং, ডিব্ৰুগড়, হাইলাকান্দি, হোজাই, কামৰূপ,কৰিমগঞ্জ, লখিমপুৰ, মৰিগাওঁ, নগাওঁ, নলবাৰী, শিৱসাগৰ, শোণিতপুৰ, তামুলপুৰ, ওদালগুৰিত এতিয়াও ১৩, ৭১,৬০০ লোক এতিয়াও বানৰ কবলত। ইয়াৰ ভিতৰত সৰ্বাধিক বানৰ কবলত পৰিছে কাছাৰ জিলা(৬.৬৯ লাখ), নগাওঁ(৩.৬৩ লাখ) আৰু মৰিগাওঁ (১,৭৯লাখ)।
অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি সমগ্ৰ অসমত ১২ হেক্টৰ কৃষিভূমি বানত ক্ষতিগ্ৰস্ত হৈছে। আনহাতে বৰপেটা, বঙাইগাঁও, চৰাইদেউ, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, গোলাঘাট, মৰিগাঁও, নলবাৰী, তিনিচুকীয়া আৰু ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তৰ খহনীয়াৰ কবলত পৰিছে।
বিগত ২৪ ঘণ্টাত ৰাজ্য প্ৰশাসনে ৮১২.০৯ কুইণ্টল পশুখাদ্য, ৯০১.০২ লিটাৰ সৰিয়হ তেল, ৪৭৩.৮২ কুইণ্টল চাউল, দাইল আৰু নিমখ ৪৭৩.৮২ কুইণ্টল বান সাহাৰ্য্য প্ৰদান কৰে।
ইফালে বানত দৰং, ডিব্ৰুগড়, কৰিমগঞ্জ, তামুলপুৰ, মৰিগাঁও, বজালী, বৰপেটা, বিশ্বনাথ, কাছাৰ, ধুবুৰী, হাইলাকান্দি, কামৰূপ, লখিমপুৰ, নলবাৰী আৰু ওদালগুৰি জিলাত ৰাস্তা, দলং আৰু মথাউৰি আদিৰ বৃহৎ ক্ষতিগ্ৰস্ত হৈছে। নখন জিলাত বানপানীৰ ফলত ৫,৩৫,৯৪১ টা পশুৰ মৃত্যু হৈছে।