বানে ক্ষতিগ্ৰস্থ কৰা অঞ্চল পৰিদৰ্শন বিধায়ক ৰূপছিং টেৰনৰ

বৈঠালাংছ: পাহাৰীয়া ঢলে তান্ডবৰ সৃষ্টি কৰা পশ্চিম কাৰ্বি আংলং জিলাৰ ৰাইজৰ বিস্তৰ ক্ষতিসাধন কৰিছে । শেহতীয়াকৈ সৃষ্টি হোৱা ধাৰাসাৰ জলপ্ৰলয়ে ত্ৰাহিমধুসুদন দেখুৱাইছে জিলাবাসীক ৷

প্ৰাকৃতিক দুৰ্যোগ হিচাবে জিলাখনৰ সদৰ হামৰেণত বুধবাৰে মাজনিশা অহা এজাক মুষলধাৰ বৰষুণে হামৰেণ উমৰিন্টি নদীৰ লবিলাংছঙত থকা দলঙৰ বিধ্বস্ত ক্ষতিসাধন কৰে ৷

দলঙখনৰ এটি মূৰত পানীৰ ঢলে অধিকাংশ খহাই লৈ যোৱাৰ লগতে পথ যোগাযোগ বিছিন্ন হৈ পৰে ৷ উক্ত অঞ্চলটি স্থানীয় বিধায়ক ৰূপছিং টেৰনে পৰ্যবেক্ষণ কৰি স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে দলঙখন নিৰ্মাণত কিছু বিসংগতি হোৱাৰ কথাও প্ৰকাশ কৰে ৷

জিলাখনৰ পাহাৰীয়া ঢলৰ বাঢ়নি পানীয়ে যোৱা এটা সপ্তাহৰ ভিতৰত বিস্তৰ ক্ষতি সাধন কৰে আমট্ৰেঙৰ বহু অঞ্চল। বৈঠালাংছ’-গুৱাহাটী পথৰ ওপৰেদি ঢলৰ বাঢ়নি পানী বৈ যোৱাৰ পিছত পথটোও বিস্তৰ ক্ষতিসাধন কৰে। আমট্ৰেং দৈনিক বজাৰৰ বহু দোকানঘৰো বিস্তৰ ক্ষতি সাধন হোৱাত ৰাইজ যথেষ্ট ক্ষতিগ্ৰস্থ হৈছে।

লগতে পঢ়ক-শ্বাহৰুখ পুত্ৰ আৰিয়ানৰ লগত নাম সাঙোৰ খাই পৰা অনন্যা পাণ্ডেলৈ এন চি বিৰ চমন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply