পাহাৰীয়া ঢলৰ তাণ্ডৱ,

উৎকট গৰম অব্যাহত থকাৰ মাজতেই পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলংত হোৱা এজাক মুষলধাৰ বৰষুণে ৰাইজক সাময়িকভাৱে কিছু সকাহ দিয়ে যদিও এই দবাপিতা বৰষুণৰ ফলত জিলাখনৰ আমট্ৰেঙত সংঘটিত হয় ব্যাপক বানপানী আৰু ভূমিস্খলনৰ ঘটনা ৷

যাৰ ফলত আমটেং-হাতীদুবি আৰু আমটেং-বৰগাঁও পথত থকা পকী দলঙখনৰ সীমাৰ একাংশ খহি পৰে ৷ বিচ্ছিন্ন হৈ পৰে সমগ্ৰ অঞ্চলটোৰ যাতায়াত ব্যৱস্থা ৷ ইতিমধ্যে ভূমিস্খলন সন্দৰ্ভত স্থানীয় ৰাইজে সংশ্লিষ্ট কতৃৰ্পক্ষক অৱগত কৰাৰ লগতে গড়কাপ্তানি বিভাগ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে পথটি দুটি মুকলি কৰি দিয়াত ব্যস্ত হৈ পৰিছে ৷

স্থানীয় ৰাইজে প্ৰকাশ কৰিছে যে ডাৱৰ বিস্ফোৰণৰ ফলত অব্যাহত থকা মুষলধাৰ বৰষুণত আমট্ৰেঙত বিশাল বানপানীৰো সৃষ্টি হৈছে ৷ পূৰ্বতে এই অঞ্চলত বানপানী হোৱাৰ নজিৰ নাই যদিও ৭০ বছৰৰ পিছত আমট্ৰেঙৰ এই বানপানীয়ে স্থানীয় ৰাইজক পুনৰ এবাৰ ভাবিবলৈ বাধ্য কৰাইছে ৷

লগতে পঢ়ক- ছয়গাঁৱত চোৰাং গৰু জব্দ, আটক৪ জন

স্তব্ধ হৈ পৰিছে আমট্ৰেঙৰ পৰা কাৰ্বিলাংপি প্ৰকল্পলৈ যোৱা পথটো। আমট্ৰেং দৈনিক বজাৰৰ বহু দোকানঘৰো বিস্তৰ ক্ষতি সাধন। এক ঘন্টা ধৰি হোৱা নেৰা নেপেৰা বৰষুণৰ ফলতে সৃষ্টি হয় এই পাহাৰীয়া ঢলৰ তাণ্ডৱ ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply