গুৱাহাটীঃ ৰাজ্যত বান পৰিস্থিতি পুনৰ অৱনতি হৈছে। যোৱা ২৪ঘন্টাত ৰাজ্যখনৰ ২৮খন জিলাৰ ২৪.৯২ লাখ লোক বানৰ কবলত পৰিছে। মঙলবাৰে বানত পাঁচজন লোকে প্ৰাণ হেৰুৱাইছে। বানত অধিক প্লাৱিত হৈছে কাছাৰ জিলাৰ শিলচৰ। মঙলবাৰে বানত মৃত্যু হৈছে কাছাৰৰ ৩জন, মৰিগাঁৱৰ ১জন আৰু ধুবুৰীৰ ১জন। ব্ৰহ্মপুত্ৰ, বেকী, কপিলী, বৰাক আৰু কুশিয়াৰা নৈৰ বিপদসীমাৰ ওপৰেৰে বৈছে পানী। মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই মঙলবাৰে বজালী আৰু বৰপেটা জিলাৰ বান পৰিস্থিতি পৰিদৰ্শন কৰে আৰু বানত ক্ষতিগ্ৰস্তসকলৰ বুজ লয়। মুখ্যমন্ত্ৰী গৰাকীয়ে পাটাচাৰকুছিৰ কুৰুৱাত ভাঙি যোৱা মথাউৰী আৰু ভবানীপুৰৰ চৰলপাৰা নয়াপাৰাত বান পৰিস্থিতি পৰিদৰ্শন কৰাৰ উপৰিও দুটা সাহায্য শিবিৰ পৰিদৰ্শন কৰে। আনহাতে পহুমাৰা নদীৰ মথাউৰীৰ ওপৰেদি এটা পথ নিৰ্মাণৰ বাবে ৯ কোটি টকা মঞ্জুৰ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে বৰপেটা জিলাৰ তিনিটা সাহাৰ্য্য শিবিৰ পৰিদৰ্শন কৰে আৰু ৰাইজক আশ্বাস দিছিল যে হৰিজন নদীৰ ড্ৰেজিঙৰ বাবে পদক্ষেপ লোৱা হ’ব বুলিও ৰাইজক আশ্বাস দিয়ে।

আনহাতে শিলচৰত পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই বান সাহায্য আৰু উদ্ধাৰ অভিযানৰ বুজ লয়। অসম মিছনৰ সঞ্চালক এম এছ লক্ষ্মী প্ৰিয়াৰ নেতৃত্বত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ (এনএইচএম) এটা দলেও বানাক্ৰান্তৰ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে। ইতিমধ্যে জিলাখনত বানাক্ৰান্তৰ স্বাস্থ্য পৰীক্ষাৰ বাবে স্বাস্থ্য শিবিৰ আৰম্ভ কৰা হৈছে। স্বাস্থ্য শিবিৰ সমূহত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অধীনত চিকিৎসক আৰু স্বাস্থ্য কৰ্মচাৰী মোতায়েন কৰা হৈছে। মঙলবাৰৰ দিনটোত মুঠ ৭,২১২ জন লোকৰ স্বাস্থ্য পৰীক্ষা কৰা হয়। যিসকল অতি অসুস্থ তেওঁলোকক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।কাছাৰৰ উপায়ুক্ত কীৰ্তি জাল্লিয়ে কয় যে ৰাইজৰ মাজত পানীৰ বটল আৰু পানী বিশুদ্ধকৰণ টেবলেট বিতৰণ কৰা হৈছে। উল্লেখ্য যে, এএছডিএমএ-ৰ তথ্য অনুসৰি সমগ্ৰ ৰাজ্যত ৭২ টা ৰাজহ চক্ৰৰ মুঠ ২,৩৮৯ খন গাওঁ বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰে ১,৭৬,২০১ জন লোকে ৫৫৫ টা সাহায্য শিবিৰত আশ্ৰয় লৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply