স্বপন নাথ, কাজিৰঙা: ব্ৰক্ষপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দ্বিতীয় বাৰৰ কাৰনে ভদীয়া বানৰ সৃষ্টি কৰাত বন্যপ্ৰাণীৰ সমস্যাৰ সৃষ্টি হৈছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ সঞ্চালক পি শিৱকুমাৰে জানিবলৈ দিয়া মতে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানীৰ সৃষ্টি কৰিছে যদিও এতিয়ালৈকে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত বন্যপ্ৰাণীৰ কিছু সমস্যা হৈছে যদিও কোনো অনিষ্ট হোৱা নাই ।
দেওবাৰৰ দিনটোত ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা, বাগৰি আৰু অগৰাতলি বনাঞ্চলত কিছু পানী বৃদ্ধি পাইছে । দুই এদিনৰ ভিতৰত ৰাষ্ট্ৰীয় উদ্যানখনত পানী আৰু বৃদ্ধি পোৱাৰ সম্ভাৱনা আছিল যদিও উজনি অসমত পানীৰ গতি ধীৰ হোৱালৈ চাই এইবাৰ অত্যাধিক বানপানী নহয় বুলিও উদ্যান কৰ্ত্তৃপক্ষই জানিবলৈ দিয়ে ।
ইফালে উদ্যানখনৰ ভিতৰত পৰ্যটক আৰু বনকৰ্মীয়ে চলাচল কৰা পথ ঠায়ে ঠায়ে কিছু অংশ পানীত বুৰ গৈছে । সুৰক্ষা কৰ্মীয়ে হাত নাও আৰু মেচিন নাৱেৰে টহল দিয়াৰ ব্যৱস্থা কৰিছে । বানৰ পৰা ৰক্ষা পাবলৈ কিছু বন্যপ্ৰাণীয়ে বন বিভাগে নিৰ্মাণ কৰা হাইলেন্ডত আশ্ৰয় লোৱাৰ কথা বন বিষয়াই জানিবলৈ দিয়ে ।
অন্যহাতে বিভাগীয় সূত্ৰে জানিবলৈ পৰা মতে বিগত ২৪ ঘন্টাত এতিয়ালৈকে প্ৰায় ৭০ টা বন শিবিৰৰ তলত পানী সোমাইছে । ব্ৰহ্মপুত্ৰৰ কাষৰীয়া অঞ্চলত থকা বন শিবিৰৰ তলত ঠায়ে ঠায়ে প্ৰায় তিনি- চাৰি ফুট পৰ্যন্ত পানী হৈছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ বহু এলেকা পানীৰ তল যোৱাত তৃণভোজী প্ৰাণী বিশেষকৈ কিছু সংখ্যক পহু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰৰ নামনিত আশ্ৰয় লৈছে ।
ইফালে ৰাষ্ট্ৰীয় উদ্যানখনৰ সুৰক্ষাৰ দ্বায়িত্বত থকা বন বিষয়াই জানিবলৈ দিয়া মতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বাগৰি বনাঞ্চলৰ অধীনত চিতলমাৰী,বৰনলনী,বৰাকটা,ভেৰভেৰী,চচলকে আদি কৰি মুঠ ২০ টা, অগৰাতলি বনাঞ্চলৰ অধীনত মোৱামাৰী,এৰাসুতি,টুৰটুৰণিকে আদি কৰি ২৪ টা, কহঁৰা বনাঞ্চলত ১৯ টা আৰু বুঢ়াপাহাৰ বনাঞ্চলৰ অধীনত ৭ টা বন শিবিৰৰ তলেদি পানী বৈ আছে ।
অন্যহাতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানপানী বৃদ্ধি হোৱাৰ কাৰণে গোলাঘাট আৰু নগাঁও জিলা পৰিবহন বিভাগে বোকাখাতৰ পৰা জখলাবন্ধা লৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথচোৱাত যান বাহনৰ গতি ৪০ কিলোমিটাৰৰ তলত চলাবলৈ চালকক আহ্বান জনাইছে । ইয়াৰ উপৰিও যাতে কোনো কাৰণতে বন্যপ্ৰাণীৰ অসুবিধা হব নোৱাৰে তাৰ প্ৰতি লক্ষ ৰাখি বোকাখাত মহকুমা আৰু কলিয়াবৰ মহকুমা প্ৰশাসনে
বোকাখাতৰ পৰা জখলাবন্ধা লৈকে এই ৰাষ্ট্ৰীয় পথচোৱাত ১৪৪ ধাৰা জাৰি কৰি যান বাহনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ নিৰ্দেশ জাৰি কৰাৰ পিছতো অধিক সংখ্যক যান বাহনৰ চালকে আইন পালন কৰা নাই । যাৰ ফলত চালকে তীব্ৰ বেগত গাড়ী চলোৱাত শনিবাৰে নিশা এটা পহু গাড়ীৰ খুন্দাত মৃত্যুৰ মুখত পৰিবলগা হয় ।
ৰাষ্ট্ৰীয় উদ্যানখনৰ কহঁৰা বনাঞ্চলৰ অধীনত হালধিবাৰী এনিমেল কৰিডৰত উদ্যানৰ দিশৰ পৰা এটা পহু ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতেই গুৱাহাটীমুখী এখন ট্ৰাকৰ খুন্দাত পহুটোৰ মৃত্যু হয় । উল্লেখ্য হালধিবাৰী এনিমেল কৰিডৰত বন বিভাগে স্বয়ংক্ৰিয় কেমেৰা স্থাপন কৰাৰ পিছতো ট্ৰাকখন ধৰিবলৈ সক্ষম নহল ।
ইফালে বানপানীৰ সময়ত বন্যপ্ৰাণীয়ে খাদ্য আৰু নিৰাপদ ঠাই বিচাৰি দক্ষিণ দিশে থকা কাৰ্বি পাহাৰলৈ ঢাপলি মেলিব পাৰে তাৰ বাবে বিশেষকৈ এনিমেল কৰিডৰবোৰত ৰাষ্ট্ৰীয় পথত উদ্যান কৰ্ত্তৃপক্ষই গতি ৰোধক স্থাপন কৰিছে যদিও চালকে আইন উলংঘা কৰি থকা দেখা গৈছে ।
বন্যপ্ৰাণীৰ নিৰাপত্তাৰ কথা চিন্তা কৰি যান বাহনৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ আজিৰ পৰা উদ্যান কৰ্ত্তৃপক্ষই টাইম কাৰ্ড দিয়া আৰম্ভ কৰিছে । বন বিষয়া প্ৰদীপ কুমাৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে উজনি দিশলৈ গাড়ীক বুঢ়াপাহাৰৰ ৰাঙলু আৰু নামনি দিশলৈ গাড়ীক বোকাখাত বনাঞ্চলৰ বৰজুৰিত বন বিভাগৰ লোকে টাইম কাৰ্ড দিয়া আৰম্ভ কৰিছে ।
টাইম কাৰ্ড দিয়া স্থানৰ পৰা ৪০ কিলোমিটাৰ গতিত সকলো চালকে গাড়ী চলাই নিৰ্দিষ্ট সময়ত উপস্থিত হব লাগিব । অন্যথা পৰিবহন আইন আৰু ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণে নিৰ্ধাৰণ কৰি দিয়া বন্যপ্ৰাণী প্ৰতিৰোধ আইনৰ অধীনত প্ৰতিজন চালকে ৯ হাজাৰ টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব বুলিও উদ্যান কৰ্ত্তৃপক্ষই জানিবলৈ দিয়ে ।
লগতে পঢ়ক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ বিৰুদ্ধে চাহ শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ