বছৰৰ প্ৰথমটো বানত ভয়ংকৰ দুর্যোগৰ সন্মুখীন হৈছে লখিমপুৰ জিলা৷ শনিবাৰে বিয়লিৰ পৰা ৰঙানদীত নীপকোৱে বিশাল পৰিমাণৰ জলৰাশি এৰি দিয়াৰ ফলতে এনে পৰিস্থিতিৰ উদ্ভৱ হৈছে৷ ধাৰাসাৰে হৈ থকা বৰষুণৰ ফলত ৰঙানদী জলবিদ্যুৎ প্রকল্পৰ জলধাৰাত পানীৰ চাপ অত্যধিক হৈ পৰে ৷
জলধাৰাৰ সুৰক্ষা বান্ধৰ প্রতি ভাবুকি সৃষ্টি হোৱাত নীপকোৱে প্রকল্পৰ অতিৰিক্ত জলৰাশি ৰঙানদীত মোকলাই দিয়াৰ সিদ্ধান্ত লয় আৰু বিয়লি দুই বজাত লখিমপুৰ জিলা প্রশাসনলৈ সতর্ক বার্তা প্রেৰণ কৰে৷
সতর্ক বার্তা প্রেৰণৰ খন্তেক পাছতেই নীপকোৱে প্রকল্পৰ চাৰি নম্বৰ গেট খুলি দি ছেকেণ্ডত ৩০০ ঘনমিটাৰকৈ পানী এৰি দিয়ে৷ ক্রমে ইয়াৰ পৰিমাণ বঢ়াই গৈ বিয়লি চাৰি বজালৈ চাৰি হাজাৰ পাঁচশ ঘনমিটাৰ কৰেগৈ৷ নদীখনত অতিৰিক্তভাৱে এৰি দিয়া বিশাল জনৰাশিয়ে ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰাৰ আশংকাত নদীপৰীয়া অঞ্চলত স্থাপন কৰা ছাইৰেনসমূহ বিকট শব্দৰে বাজি উঠি৷
ক্রমাৎ সন্ধিয়াৰ পৰত ভয়াৱহ ৰূপ ধাৰণ কৰে নদীখনে৷ নদীখনে ধাৰণ কৰা কাল ৰূপ প্রত্যক্ষ কৰি আৰু নীপকোৱে এৰি দিয়া পানীৰ পৰিমাণৰ কথা শুনি নদীপৰীয়া অঞ্চলসমূহত হাহাকাৰ পৰিস্থিতি সৃষ্টি হয়৷
নীপকোৱে প্রকল্পৰ পৰা পানী এৰি দিয়াৰ তিনি ঘণ্টামানৰ পাছতেই লখিমপুৰত সেই পানী আহি ধ্বংসলীলাৰ সূচনা কৰে৷সন্ধিয়া ৫.৩০মান বজাত লখিমপুৰ নগৰৰ পৰা ডিজু পাঁচনৈ অঞ্চল সংযোগী একমাত্র পথটোত ৰঙানদীৰ ওপৰত থকা কাঠ–বাঁহৰ দলংখন নদীৰ প্রবল সোঁতে উটুৱাই লৈ যায়৷ ফলত অঞ্চলটোৰ ১০খনমান গাঁৱৰ প্রায় কুৰি হাজাৰ লোক জলবন্দী হৈ পৰে৷
লগতে পঢ়ক হাইলাকান্দি জিলাৰ অসম মিজোৰাম আন্ত:ৰাজ্যিক সীমান্তত পুনৰ আক্ৰমণ মিজো দুৰ্বৃত্তৰ