বানৰ কবলত হাটশিঙিমাৰী

মানকাচৰ: বছৰৰ প্ৰথমটো বানে দক্ষিণ শালমৰা মানকাচৰ জিলাৰ বিস্তৃণ অঞ্চল বুৰাই পেলাইছে । বিশেষকৈ সদৰ হাটশিঙিমাৰীত কৃত্ৰিম বানে বুৰাই পেলালে একাংশ অঞ্চল।
হাটশিঙিমাৰীৰ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰায় তিনি ঘণ্টামান ধৰি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত এনেদৰে কৃত্ৰিম বানৰ কবলত পৰিছে।
পুৱাৰে পৰা অঞ্চলটোত ধাৰাষাৰ বৰষুণ হৈ থকাৰ ফলত এনেদৰে কৃত্ৰিম বানে বুৰাই পেলাইছে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে দক্ষিণ শালমাৰা মানকাচৰ জিলা সদৰ হাটশিঙিমাৰীৰ একাংশ ঠাই।


বিশেষকৈ হাটশিঙিমাৰীৰ ছুপাৰ মাৰ্কেট, অগ্নি নিৰ্বাপক কাৰ্যালয়, খণ্ড শিক্ষা বিষয়াৰ কাৰ্যালয়,খাৰুৱাবান্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বহুকেইখন ঠাই কৃত্ৰিম বানৰ কবলত পৰা পৰিলক্ষিত হৈছে।


উল্লেখ্য যে জিলা সদৰ হাটশিঙিমাৰীৰ গাতে লাগি থকা মেঘালয়ৰ পাহাৰৰ পৰা নামি অহা বৰষুণৰ পানীয়ে এনেদৰে কৃত্ৰিম বানৰ সৃষ্টি কৰিছে জিলা সদৰ হাটশিঙিমাৰীত। এনেদৰে মেঘালয়ৰ পানীৰে বুৰাই পেলোৱা অঞ্চলটোৰ এই সমস্যা বহু দিনৰে পৰা চলি আহিছে।

ধাৰাষাৰ বৰষুণৰ ফলত হোৱা কৃত্ৰিম বানত সমস্যাত পৰা ৰাইজে জিলা উপায়ুক্ত আৰু মানকাচৰৰ বিধায়ক আমিনুল ইছলামক কৃত্ৰিম বানৰ সমস্যাৰ সমাধানৰ দাবী জনাইছে।

লগতে পঢ়ক এছিয়ান বক্সিং চেম্পিয়নশ্বিপত পূজা ৰাণীৰ স্বৰ্ণ অৰ্জন, থমকি ৰ’ল এম চি মেৰি কম

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply